জিলা সমল গোটৰ উদ্যোগত প্রাপ্তবয়স্ক সাক্ষৰতা কেন্দ্ৰ স্থাপন

ডিব্ৰুগড়ৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জিলা সমল গোটৰ উদ্যোগত স্থাপন হোৱা প্রাপ্তবয়স্ক সাক্ষৰতা কেন্দ্ৰত দেওবাৰৰ পৰা পাঠদান আৰম্ভ হৈছে।

দেওবাৰে অনুষ্ঠিত প্রথম পাঠদানত ২০ জন প্ৰাপ্তবয়স্ক শিক্ষার্থীয়ে অংশগ্রহণ কৰে। প্রতিষ্ঠানটোৰ জিলা সমল গোটৰ (DRU) উদ্যোগত বি.এড চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত এপ্ৰিল মাহৰ ১ তাৰিখে বালিজান (উত্তৰ) চাহ বাগিছাৰ অন্তৰ্গত পুৰণি লাইনত এক শৈক্ষিক সমীক্ষা সম্পাদন কৰা হৈছিল।

উক্ত সমীক্ষাৰ ফলাফল অনুসৰি প্রাপ্তবয়স্ক শিক্ষা লাভৰ বাবে আগ্ৰহীসকলক সামৰি বালিজান বাগিছা প্রাথমিক বিদ্যালয়ত এক প্রাপ্তবয়স্ক সাক্ষৰতা কেন্দ্র স্থাপন কৰা হয়।

দেওবাৰে অনুষ্ঠিত পাঠদানত জিলা সমল গোটৰ প্রবক্তা ৰঞ্জন বৰা, স্বৰাজ ফুকন আৰু বি.এড প্ৰশিক্ষাৰ্থী ৰঞ্জিত কলিতাই পাঠদান আগবঢ়ায়। কেন্দ্ৰটোত সৰ্বোচ্চ অষ্টম শ্ৰেণীলৈকে অধ্যয়নৰত কিশোৰ-কিশোৰী সকলকো পাঠদানৰ ব্যৱস্থা কৰা হৈছে।

প্ৰথম দিনাৰ পাঠদানত কিশোৰ-কিশোৰীসকলক সাধু কথাৰ মাধ্যমেৰে স্বচ্ছতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰে প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী বিনু বৰা, অচ্যুত কুমাৰ কলিতা, জিতেন ডেকা, পল্লৱী মুণ্ডা আৰু ডেইজী গগৈয়ে।

উল্লেখযোগ্য যে, জিলা সমল গোটৰ উদ্যোগত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত কাঞ্জিখোৱা বাগিচা প্রাথমিক বিদ্যালয়ত প্ৰথমটো প্রাপ্তবয়স্ক সাক্ষৰতা কেন্দ্ৰ স্থাপন কৰা হৈছিল|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...