এন্ধাৰ মহাদেশত শীতল যুদ্ধৰ নতুন অধ্যায়!

✒️ অচিন্ত্য শৰ্মা

পুনৰাবৃত্তি ঘটিব গৈ আছে নেকি যোৱা শতিকাৰ অবাঞ্চিত ইতিহাস। আফ্ৰিকাৰ মৰুৰ বুকুত আকৌ এবাৰ নিৰ্ণয় হ’ব নেকি শক্তিৰ সন্তুলন। প্ৰাসংগিকভাবেই সম্প্ৰতি আকৌ এবাৰ উত্থাপিত হৈছে এই প্ৰশ্ন। কাৰণ মৰুময় আফ্ৰিকাত এতিয়া চলিছে পুটিনৰ ৰুছিয়া আৰু পশ্ছিমীয়া শক্তিসমূহৰ মাজত ক্ষমতা আৰু প্ৰভাৱৰ ৰছীটনা খেল। মাৰ্কিন প্ৰতিৰক্ষা সচিব এণ্টনী ব্লিংকেন আফ্ৰিকা ভ্ৰমণ সামৰাৰ লগে লগে আৰম্ভ হৈছে পুটিনৰ তত্পৰতা। পশ্ছিম এছিয়াৰ ইছলামিক সন্ত্ৰাসজৰ্জৰ দেশ মালিৰ সামৰিক একনায়ক আশ্বিমী গোইটালৈ গৈছে পুটিনৰ ফোন; গৈছে যুদ্ধ বিমানকে ধৰি অন্য বহু অতিৰিক্ত সামৰিক সাহায্য। ইয়াৰ পূৰ্বে এই বৰ্ষৰ এপ্ৰিলতো ৰুছ সামৰিক হেলিকপ্টাৰ লাভ কৰিছিল গোইটা প্ৰশাসনে। ইতিমধ্যে মালিৰ প্ৰতিৰক্ষা মন্ত্ৰী চাডিঅ’ কামাৰাই ৰুছিয়াৰ লগত তেঁওৰ দেশৰ সম্পৰ্কক উইন উইন পাৰটনাশ্বিপ বুলি অভিহিত কৰিছে। যোৱা ৭ আগষ্টত এণ্টিনী ব্লিংকেনে আফ্ৰিকা ভ্ৰমণ আৰম্ব কৰিছিল আৰু ৰাৱাণ্ডাৰ কিগালিত ভ্ৰমণৰ সামৰণি মাৰিছিল।

লক্ষণীয়ভাবে ৰুছিয়া আৰু আমেৰিকাৰ উপৰি শেহতীয়াভাবে আফ্ৰিকাত নতুনকৈ কূটনৈতিক তত্পৰতা আৰম্ভ কৰিছে অন্য একাধিক দেশেও। অলপতে ভালেকেইখন আফ্ৰিকীয় ৰাষ্ট্ৰ ভ্ৰমণ কৰি গৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেনে। তেওঁ ঘোষণা কৰিছে যে মহাদেশখনৰ বিভিন্ন ৰাষ্ট্ৰ ফ্ৰান্সে সেনা মোতায়েন কৰিব। ইফালে ৰুছ বিত্তমন্তুীছেগেই লেভৰভে আফ্ৰিকা ভ্ৰমণ কৰি পশ্ছিমীয়া দেশ সমূহৰ বাবেই বিশ্বত খাদ্য শস্য ৰ মূল্যবৃদ্ধি ঘটা বুলি প্ৰচাৰ চলাই ফুৰিছে। পূৰ্বৰ ফৰাছী উপনিৱেশ মালিৰ বৰ্তমান ফ্ৰান্সৰ লগত সম্পৰ্ক ভাল নহয়। আনহাতে দেশখনত চলি আছে অল কাঈদা আৰু আইছিছ সন্ত্ৰাসবাদীৰ তাণ্ডৱ। ইছলামিক সন্ত্ৰাসবাদীয়ে আনকি মালিৰ উত্তৰাঞ্চলৰ এক প্ৰকাৰ নিজৰ নিয়ন্ত্ৰনেই সাব্যস্ত কৰিছে। আৰু এনে পৰিস্থিতিৰ সুযোগ লৈয়েই মালিত প্ৰৱেশ ঘটিছে ৰুছ প্ৰভাৱৰ। ৰুছিয়াই মালিলৈ সামৰিক উপকৰণৰ উপৰি প্ৰেৰণ কৰিছে ৱাগনেৰ গ্ৰুপৰ ঘাতিকো। অৱশ্য মালি চৰকাৰে ৰুছ গুপ্তঘাতকৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে। পিছে এই ক্ষেত্ৰত মালি চৰকাৰৰ কোনো ভাষ্য কোনেও বিশ্বাস কৰা নাই। আন্তঃৰাষ্ট্ৰীয় মানৱঅধিকাৰ সংস্থাসমূহেও আনিছে মালিত ৰুছ ঘাতক দল বাগনেৰৰ উপস্থিতিৰ অভিযোগ।

এন্ধাৰ আফ্ৰিকাৰ মাটিৰ তলত আছে অফুৰন্ত সম্পদৰ তাণ্ডৱ। তদুপৰি ৰাষ্ট্ৰসংগৰ সাধাৰণ পৰিষদত আছে মহাদেশখনৰ ৫৪টাকৈ ভোট। সেয়ে আফ্ৰিকাৰ ওপৰত প্ৰতিটো বৃহৎ শক্তিৰে পৰিছে সেয়ে লুভীয়া চকু। আফ্ৰিকাৰ বুকুত বাৰে বাৰে চলিছে আমেৰিকা আৰু ইউৰোপৰ সম্প্ৰসাৰণবাদী দেশসমূহৰ ক্ষমতাৰ যুঁজ। এইবাৰ আফ্ৰিকাত সক্ৰিয় হৈ উঠিছে ৰুছিয়া। মালিৰ উপৰি মহাদেশখনৰ অন্যান্য গণতন্ত্ৰবিহীন দেশসমূহক নিজৰ নিয়ন্ত্ৰণাধীন কৰিবলৈ তীব্ৰ প্ৰচেষ্টত লিপ্ত হৈছে মস্কো মহল। হয়তো এনেদৰেই আফ্ৰিকাৰ বুকুত আৰম্ভ হ’বলৈ গৈ আছে আন এক শীতল যুদ্ধৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...