নল বিৰিণা খাগৰী’ৰ ইংৰাজী অনুবাদ ‘Moujuri’ উন্মোচন

বৰেণ্য অসমীয়া চৈয়দ আব্দুল মালিকৰ কালজয়ী উপন্যাস ‘নল বিৰিণা খাগৰী’ৰ ইংৰাজী অনুবাদ ‘Moujuri’ দেওবাৰে উন্মোচন হয়| চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ জোনাকী হলত গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক বিপুল দেউৰীয়ে| পূৰ্বায়ন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰিছে তন্ময়ী ৰাণী নেওগ আৰু জাহ্নু ভৰদ্বাজে| পঞ্চানন হাজৰিকাৰ দ্বাৰা পৰিচালিত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি, অনুবাদক তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা লুটফা হানুম চালিমা বেগম|

গ্ৰন্থ উন্মোচন অনুষ্ঠানত বিপুল দেউৰী আৰু লুটফা হানুম চালিমা বেগমে অসমৰ সামাজিক আৰু সাহিত্য ক্ষেত্ৰত চৈয়দ আব্দুল মালিকৰ তাত্‍পৰ্য সম্পৰ্কে বক্তব্য দাঙি ধৰে| ইয়াৰ পাছতে অনুবাদকদ্বয়ে নিজ নিজ অভিজ্ঞতা ব্যক্ত কৰে|
অনুষ্ঠানটোত আব্দুল মালিকৰ পৰিয়ালবৰ্গৰ হৈ তেওঁৰ তিনি কন্যা আৰু জ্যেষ্ঠ জোঁৱাইও উপস্থিত থাকে। উল্লেখযোগ্য যে ১৯০ মূল্যৰ গ্ৰন্থখন পূৰ্বায়ন প্ৰকাশনৰ ষ্টলত উপলব্ধ হৈছে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...