নল বিৰিণা খাগৰী’ৰ ইংৰাজী অনুবাদ ‘Moujuri’ উন্মোচন

বৰেণ্য অসমীয়া চৈয়দ আব্দুল মালিকৰ কালজয়ী উপন্যাস ‘নল বিৰিণা খাগৰী’ৰ ইংৰাজী অনুবাদ ‘Moujuri’ দেওবাৰে উন্মোচন হয়| চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ জোনাকী হলত গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক বিপুল দেউৰীয়ে| পূৰ্বায়ন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰিছে তন্ময়ী ৰাণী নেওগ আৰু জাহ্নু ভৰদ্বাজে| পঞ্চানন হাজৰিকাৰ দ্বাৰা পৰিচালিত অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি, অনুবাদক তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা লুটফা হানুম চালিমা বেগম|

গ্ৰন্থ উন্মোচন অনুষ্ঠানত বিপুল দেউৰী আৰু লুটফা হানুম চালিমা বেগমে অসমৰ সামাজিক আৰু সাহিত্য ক্ষেত্ৰত চৈয়দ আব্দুল মালিকৰ তাত্‍পৰ্য সম্পৰ্কে বক্তব্য দাঙি ধৰে| ইয়াৰ পাছতে অনুবাদকদ্বয়ে নিজ নিজ অভিজ্ঞতা ব্যক্ত কৰে|
অনুষ্ঠানটোত আব্দুল মালিকৰ পৰিয়ালবৰ্গৰ হৈ তেওঁৰ তিনি কন্যা আৰু জ্যেষ্ঠ জোঁৱাইও উপস্থিত থাকে। উল্লেখযোগ্য যে ১৯০ মূল্যৰ গ্ৰন্থখন পূৰ্বায়ন প্ৰকাশনৰ ষ্টলত উপলব্ধ হৈছে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...