অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগ বঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ কোম্পানীয়ে

অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগ বঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ বিভিন্ন আগশাৰীৰ কোম্পানীয়ে। নেদাৰলেণ্ড এম্বেছীৰ সহযোগত ডিব্ৰুগড়ত আয়োজন কৰিবলৈ লোৱা ৱাটাৰৱে’জ কনক্লেভ ২০২২ত অংশগ্ৰহণ কৰিব ১০টা ডাচ্চ কোম্পানীয়ে। নেদাৰলেণ্ডৰ ভাৰতত থকা নেদাৰলেণ্ডছ বিজনেছ ছাপ’ৰ্ট অফিচ ইন ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি তথা বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত অম্লান বৰাই দলটোক নেতৃত্ব দিব। এই কোম্পানীসমূহ জল পৰিবহণ খণ্ডৰ নিৰ্মাণ, খনন, মাল পৰিবহণ, ডিজাইন, কনছাল্টেন্সী আৰু বন্দৰ পৰিচালনা উদ্যোগৰ সৈতে জড়িত।

Assam : Dibrugarh To Host 'Waterways Conclave 2022' From April 11-12

ভাৰত চৰকাৰৰ বন্দৰ, জলপথ আৰু জাহাজ মন্ত্ৰ্যালয়ৰ মন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালে দায়িত্ব লোৱাৰ পিছত অসম তথা উত্তৰ পূবৰ নদীপথৰ বিকাশৰ লক্ষ্যৰে জলপথ সমাৱেশৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় চহৰৰ চৌকিদিঙী ফুটবল খেলপথাৰত ১১–১২ এপ্ৰিলত এই সমাৱেশ অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ সৈতে ২০০৮ চনতে স্বাক্ষৰিত MoUৰ জৰিয়তে ভাৰতৰ জল পৰিবহণ খণ্ডত সহযোগিতাৰ বাবে নেদাৰলেণ্ডে সন্মতি প্ৰকাশ কৰিছিল। ইতিমধ্যে অসমৰ কেইবাটাও জলপথত নেদাৰলেণ্ডে সহযোগিতা আৰম্ভ কৰিছে।

Govt To Organise Waterways Conclave 2022 In Assam | Mint

এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নেদাৰলেণ্ডৰ প্ৰতিষ্ঠিত কোম্পানীসমূহৰ নেতৃত্ব দিব অসমৰে সন্তান তথা নেদাৰলেণ্ডৰ ভাৰতত থকা বাণিজ্য আৰু বিনিয়োগ উপদেষ্টা অম্লান বৰাই। এই প্ৰতিনিধি দলটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জল পৰিবহণ খণ্ডত সহযোগিতা আগ বঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত অৰ্জন কৰা দক্ষতা আৰু অভিজ্ঞতা অসমৰ জলপথ বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। শনিবাৰে জল পৰিবহণ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে সমাৱেশৰ প্ৰস্তুতিৰ বুজ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...