হাছিনাৰ দৰে দেশ এৰি পলায়ন কৰিব নেকি নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে?

দেশজুৰি প্ৰতিবাদৰ মাজত নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে দেশ এৰি পলায়নৰ পৰিকল্পনা কৰিছে নেকি? সূত্ৰৰ দাবী অনুসৰি, বাংলাদেশৰ শ্বেখ হাচিনাৰ দৰে তেওঁৱো দেশ ত্যাগ কৰি যাব পাৰে। সেই ক্ষেত্ৰত তেওঁৰ গন্তব্যস্থান হ’ব পাৰে সংযুক্ত আৰব আমিৰশাহীৰ ডুবাই। প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰৰ উল্লেখ কৰি ইণ্ডিয়া টুডেই এই তথ্য প্ৰকাশ কৰিছে। গণপ্ৰতিবাদৰ চাপত পৰি অলিয়ে ইতিমধ্যে পদত্যাগ কৰিছে। সূত্ৰৰ দাবী, নেপালৰ সেনাপ্ৰধান অশোক ৰাজ সিগদেলে তেওঁক প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ অনুৰোধ কৰিছিল। উত্তৰত অলিয়ে কৈছিল যে, তেওঁক নিৰাপদে দেশৰ বাহিৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়া হওক।

অলিয়ে চিকিৎসাৰ বাবে ডুবাইলৈ যাব পাৰিব নে নোৱাৰে, সেই বিষয়ে বিবেচনা কৰি আছে। তেওঁ ইতিমধ্যে ব্যক্তিগত বিমান সংস্থা হিমালয় এয়াৰলাইন্সৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকক সাজু থাকিবলৈ কৈছে। তেওঁ মন্ত্ৰীসভাৰ দায়িত্ব উপ-প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে। মঙলবাৰে সন্ধিয়া ৬ বজাত অলিয়ে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছিল। বৰ্তমানৰ পৰিস্থিতিৰ মোকাবিলা আৰু আলোচনাৰ জৰিয়তে সমাধান বিচাৰিবলৈ এই বৈঠক আহ্বান কৰা হৈছিল। এক বাৰ্তাত নেপালৰ প্ৰধানমন্ত্ৰীয়ে লিখিছিল, “এই পৰিস্থিতিৰ মোকাবিলা আৰু সমাধান বিচৰাৰ বাবে মই কিছু দলৰ সৈতে আলোচনা চলাই আছোঁ। মঙলবাৰে সন্ধিয়া ৬ বজাত এখন সৰ্বদলীয় বৈঠকো আহ্বান কৰিছো। এই কঠিন পৰিস্থিতিত সকলো ভাই-ভনীক শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।” কিন্তু তাৰ আগতেই তেওঁক পদত্যাগ কৰিবলগীয়া হ’ল।

মঙলবাৰে উত্তেজিত জনতাই অলিৰ ব্যক্তিগত বাসগৃহত জুই লগাই দিছিল। এজনৰ পিছত আনজন নেতা-মন্ত্ৰীৰ ঘৰত অগ্নি সংযোগ কৰা হৈছিল।

শেহতীয়াকৈ নেপাল চৰকাৰে সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। তাৰ পৰাই বিতৰ্কৰ সূত্ৰপাত হৈছিল। দীৰ্ঘদিনৰ পুঞ্জীভূত ক্ষোভত অলিৰ এই সিদ্ধান্তই জুইত ঘিও ঢালি দিলে। প্ৰতিবাদত দেশৰ ছাত্ৰ-যুৱকসকল পথলৈ ওলাই আহিল। তেওঁলোকৰ প্ৰতিবাদত সোমবাৰে ৰাজধানী কাঠমাণ্ডু অগ্নিগৰ্ভা হৈ পৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিছিল, যাৰ ফলত কমেও ১৯গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল। তাৰ পিছত প্ৰতিবাদৰ তীব্ৰতা আৰু বৃদ্ধি পাইছিল। চাপত পৰি নিশা নেপাল চৰকাৰে সামাজিক মাধ্যমৰ ওপৰৰ নিষেধাজ্ঞা তুলি বিবৃতি জাৰি কৰিছিল। কিন্তু তাৰ ফল নোহোৱা হ’ল। মঙলবাৰে পুৱাৰ পৰা অলিৰ পদত্যাগৰ দাবীত প্ৰতিবাদ আৰম্ভ হৈছিল। পৰিস্থিতি ক্ৰমান্বয়ে হাতৰ পৰা ওলাই গৈছিল। চাপত পৰি অলিয়ে পদ ত্যাগ কৰিলে।

মঙলবাৰে নেপালৰ ত্ৰিভুৱন বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে। সকলো বিমান বাতিল কৰা হৈছে। সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে সকলো মন্ত্ৰীক স্থানান্তৰ কৰা হৈছে। এই কামৰ বাবে নেপাল সেনাই কমেও পাঁচখন হেলিকপ্টাৰ প্ৰদান কৰিছে। সূত্ৰৰ খবৰ, অলিকো তেওঁৰ ঘৰৰ পৰা উলিয়াই নিয়া হ’ব। ত্ৰিভুৱন বিমানবন্দৰত ৩০০ৰো অধিক সেনা মোতায়েন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...