অত্যাধিক ওজনে কেনেকৈ ভাগ্য সলনি কৰিছিল নীৰজৰ?

নীৰজ চোপ্ৰাই কেইসপ্তাহমান পূৰ্বে ফিনলেণ্ডৰ বিমানবন্দৰলৈ যোৱাৰ পথত জাৰ্মানৰ জোহানেছ ভেটাৰৰ পৰা লিফ্ট পাইছিল। এই বছৰ বিশ্বৰ শ্ৰেষ্ঠ জেভলিন থ্ৰোৱাৰ জোহানেছ ভেটাৰৰ সৈতে হোৱা মুখামুখি সন্দৰ্ভত নীৰজে কয়, “মোৰ ইংৰাজী শক্তিশালী নহয় কিন্তু আমি কিছু সময়ৰ বাবে আমাৰ দেশ, আমাৰ জন্মভূমিৰ বিষয়ে কথা পাতিছিলো।” সেই অন্তৰংগ মূহুৰ্তটোৱে হয়তো নীৰজক উপলব্ধি কৰাত সহায় কৰিছিল যে ভেটাৰো তেওঁৰ দৰে এজন প্ৰতিযোগী আছিল আৰু সেয়েহে পৰাজিত হ’ব পাৰে।

নীৰজ এজন অধিক ওজনৰ শিশু আছিল, আৰু অলপ অস্থিৰো আছিল, পাণিপথৰ নিকটৱৰ্তী খান্দ্ৰা গাঁৱত তেওঁৰ জন্ম। যিহেতু পৰিয়ালৰলোকে তেওঁক ব্যস্ত ৰাখিব বিচাৰিছিল, সেয়েহে তেওঁৰ খেতিয়ক পিতৃয়ে তেওঁক শিৱাজী ষ্টেডিয়ামলৈ লৈ গৈছিল। তেওঁ জেভলিনৰ উপৰিও আন বহু খেলো চেষ্টা কৰিছিল। তেওঁ দৌৰিবলৈ বেছি ভাল পোৱা নাছিল কিন্তু যেতিয়া তেওঁ কেইজনমান ডাঙৰ মানুহক জেভলিন দলিয়াই থকা দেখিছিল, তেওঁৱো চেষ্টা কৰিব বিচাৰিছিল।

আৰু যেতিয়া নীৰজে অনুভৱ কৰিলে যে তেওঁ জেভলিন বেছ ভালকৈ দলিয়াব পৰা হৈছে, লগে লগে তেওঁ এই খেলৰ প্ৰতি অধিক দূৰ্বলতা অনুভৱ কৰিব আৰম্ভ কৰিলে। ২০১৬ চনত পোলেণ্ডত অনুষ্ঠিত হোৱা ২০ বছৰ উৰ্দ্ধৰ ৱৰ্ল্ডছৰ বাবে নীৰজক প্ৰশিক্ষণ দিয়া অষ্ট্ৰেলিয়ান প্ৰশিক্ষক গেৰী কেলভাৰ্টে কয়, “জেভলিন থ্ৰোৰ বাবে নীৰজ এজন ‘Natural’ ব্যক্তি। উল্লেখ্য যে, বহু কেইগৰাকী প্ৰশিক্ষকে ব্যক্ত কৰা অনুসৰি ২০২০ চনৰ অলিম্পিক এবছৰ পিছুৱাই দিয়াটো ভাৰতীয়সকলৰ বাবে আশীৰ্বাদ হৈ পৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...