পুনৰ এবাৰ দেশবাসীক গৌৰৱান্বিত কৰিলে নীৰজ চোপ্ৰাই

বিশ্বক্ৰীড়াৰ মহামঞ্চৰ শিখৰত উৰিল ত্ৰিৰংগা। আশা কৰা ধৰণেৰেই আহিল ফলাফল। হাংগেৰীৰ বুডাপেষ্টত আয়োজিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ চেম্পিয়নৰ অন্যতম দাবীদাৰ আছিল ভাৰত গ’ল্ডেন বয় খ্যাত অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা। ফাইনেল ৰাউণ্ডৰ দ্বিতীয়টো চেষ্টাতে সফল হ’ল নীৰজ চোপ্ৰা। ৮৮.১৭ মিটাৰ থ্র’ৰে বিৰল কৃতিত্বৰ গৰাকী হ’ল নীৰজ চোপ্ৰা। একাংশই এই প্ৰতিযোগিতাক আখ্যা দিছিল ভাৰত বনাম পাকিস্তান অৰ্থাৎ নীৰজ চোপ্ৰা বনাম আৰ্শ্বাদ নাদিম। আৰ্শ্বাদ নাদিমেও যুক্ত প্ৰত্যুত্তৰ আগবঢ়াইছিল যদিও দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল প্ৰতিযোগিতাখনত। ৮৭.৮২ মিটাৰেৰে দ্বিতীয় স্থানত থাকে পাকিস্তানৰ খেলুৱৈজন। প্ৰতিযোগিতাখনত স্বৰ্ণ জয় কৰাৰ লগে লগে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা প্রথমগৰাকী ভাৰতীয় হোৱাৰ কৃতিত্ব নীৰজ চোপ্ৰাৰ। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ আৰু অলিম্পিকত স্বৰ্ণজয় কৰা একমাত্ৰ নীৰজ। নীৰজ চোপ্ৰাৰ এই সাফল্যত এতিয়া উৎফুল্লিত সমগ্ৰ দেশবাসী। নীৰজ চোপ্ৰালৈ সমগ্ৰ দেশবাসীৰ শুভেচ্ছাৰ জোৱাৰ। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা অসংখ্যজনে সামাজিক মাধ্যমত শুভেচ্ছা জনাইছে নীৰজক। হাৰিয়ানাৰ ছনেপটৰ বাসগৃহত এইদৰেই নীৰজৰ আত্মীয় আৰু অনুৰাগীয়ে মিঠাই খাই নৃত্য–গীতেৰে আনন্দত আত্মহাৰা হয়। পুত্ৰৰ সাফল্যত আজি গৰ্বিত আৰু উৎফুল্লিত নীৰজৰ পিতৃ–মাতৃ। এই সফলতা দেশবাসীৰ নামত উচৰ্গা কৰে নীৰজ চোপ্ৰাই। হাংগেৰীৰ পৰাই দেশবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে গ’ল্ডেন বয় নীৰজ চোপ্ৰাই। প্ৰতিযোগিতাখনত চেক গণৰাজ্যৰ জেকব ভাদলেজে জয় কৰে ব্রঞ্জৰ পদক। ৮৬.৬৭ মিটাৰ থ্র’ৰে তৃতীয় স্থানত থাকে জেকব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...