NDAৰ বাবে প্ৰ-পত্ৰ পূৰণৰ পৰা বঞ্চিত হ’ব নেকি অসমৰ ছাত্র-ছাত্রী?

গুৱাহাটী, ২ জুলাই, NKTV: প্ৰকাশ পালে NDA (National Defence Academy)ৰ লিখিত পৰীক্ষাৰ ফলাফল। জুন মাহৰ ৩০ তাৰিখে প্ৰকাশ পোৱা NDAৰ ফলাফলৰ পিছতেই ঘোষণা কৰা হৈছে প্ৰ-পত্ৰ জমা দিয়া তাৰিখ। দুসপ্তাহৰ ভিতৰত উচ্চতৰ মাধ্যমিক (HS)পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে জমা দিব লাগিব প্ৰমাণপত্ৰ। কিন্তু পৰিতাপৰ বিষয় যে অসমৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ’ল তেওঁলোকে কিন্তু জমা দিব নোৱাৰিব নিজৰ প্ৰমাণপত্ৰ। কিয়নো দুসপ্তাহৰ ভিতৰত অসমৰ শিক্ষা বিভাগে প্ৰকাশ কৰিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট। ইয়াৰ ওপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, এইবাৰ উচ্চতৰ মাধ্যমিক (HS)পৰীক্ষাত উৰ্ত্তীণ হোৱা অসমৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰৰে কোনো ধৰণৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...