পুনৰ ভাৰত মহাসাগৰত তাণ্ডৱ ছোমালি জলদস্যুৰ

২০০৮ চনৰ পৰা ২০১৩ চনলৈ ছোমালিয়াৰ জলদস্যুৰ তাণ্ডৱে বিভিষীকাৰ সৃষ্টি কৰিছিল ভাৰত মহাসাগৰ, আৰব সাগৰ আদিত চলা জাহাজসমূহত। পৰৱৰ্তী সময়ছোৱাত ছোমালি জলদস্যুৰ বিৰুদ্ধে আন্তৰ্জাতিক অভিযানৰ পাছত জলদস্যুৰ তাণ্ডৱ হ্রাস পাইছিল যদিও পুনৰ এতিয়া মূৰ ডাঙি উঠিছে জাহাজ আক্রমণকাৰী জলদস্যুৱে। শেহতীয়াকৈ বন্দুকধাৰী ছোমালি জলদস্যুৱে দখল কৰিছে এখন জাহাজ, য’ত আছিল ১৫জন ভাৰতীয় কৰ্মচাৰী।    

পুনৰ ভাৰত মহাসাগৰত তাণ্ডৱ ছোমালি জলদস্যুৰ

১৫গৰাকী ভাৰতীয় কৰ্মচাৰীসহ এখন জাহাজ অপহৰণ

ছোমালিয়াৰ উপকূলত MV LILA NORFOLK শীৰ্ষক জাহাজখন অপহৰণ

লাইবেৰীয়াৰ পতাকা লগোৱা জাহাজখনক পৰ্যবেক্ষণ ভাৰতীয় নৌ সেনাৰ

আফ্রিকান দেশ ছোমালিয়াৰ উপকূলেদি গৈ থকা এখন জাহাজ অপহৰণ কৰি হস্তগত কৰিছে ছোমালিৰ জলদস্যুৱে। MV লীলা নৰফ’ক শীৰ্ষক এখন সামগ্ৰী পৰিবহণকাৰী জাহাজ বন্দুকধাৰী ছোমালি জলদস্যুৱে আক্রমণ কৰি নিজৰ দখললৈ নিয়ে। ৬ৰ পৰা ৭জন বন্দুকধাৰীয়ে জাহাজখন নিজৰ দখললৈ নিয়া বুলি জানিব পৰা গৈছে। জাহাজখনত আছে অন্যান্যসকলৰ লগতে ১৫গৰাকী ভাৰতীয় কৰ্মচাৰী।

অপহৰণৰ ঘটনাৰ পাছতে তৎপৰ হৈ পৰে ভাৰতীয় নৌ সেনা

পৰিস্থিতি মোকাবিলা কৰিবলৈ নৌ সেনাৰ জাহাজ ‘INS চেন্নাই’ প্রেৰণ

নৌ সেনাই নিয়োজিত কৰিলে মেৰিটাইম পেট্র’ল বিমান

শুকুৰবাবে পুৱা বিমানখনেৰে আকাশমাৰ্গেদি পৰ্যবেক্ষণ জাহাজখন

ভাৰতীয় নৌ সেনাই অপহৃত জাহাজখন নিজৰ নজৰত ৰখা বুলি জানিব পৰা গৈছে। জলদস্যু বাহিনীৰ সৈতেও সংযোগ স্থাপনৰ বাবে যো-জা চলাই থকা বুলি বাতৰি প্রকাশ পাইছে। উল্লেখ্য যে আৰব সাগৰ আৰু ভাৰত মহাসাগৰত চলাচল কৰা জাহাজসমূহৰ ওপৰত জলদস্যুৰ আক্রমণ প্রায় ১০ বছৰ পাছত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...