SCৰ ৰায়ৰ পাছতে শ্বেয়াৰ মাৰ্কেটত ব্যাপক উত্থান আদানি কোম্পানীৰ

গৌতম আদানিৰ বিশাল সাম্রাজ্য খহিছিল হিণ্ডেনবাৰ্গৰ এক প্রতিবেদনৰ ফলত। প্ৰায় এবছৰ পূৰ্বে হিণ্ডেনবাৰ্গে প্রকাশ কৰা এক প্রতিবেদনৰ ফলশ্রুতিত আদানিৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য হোৰাহোৰে খহি পৰিছিল। কিন্তু সেই গৌতম আদানিয়ে এতিয়া মুকেশ আম্বানিক ছেৰ পেলাই ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ পুনৰ অৰ্জন কৰিছে। কিন্তু কেনেকৈ? জানিবলৈ চাওক এই প্ৰতিবেদন

পুনৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ গৌতম আদানিৰ দখলত

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ফলশ্রুতিত এই আসন হেৰুৱাইছিল আদানিয়ে

প্ৰায় এবছৰৰ মূৰত ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষলৈ পুনৰ গৌতম আদানি

ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেস্কৰ মতে আদানি বৰ্তমান বিশ্বৰ দ্বাদশ ধনী ব্যক্তি

শ্বেয়াৰ মাৰ্কেটত তেওঁৰ কোম্পানীৰ শ্বেয়াৰৰ ভয়াৱহ গৰাখহনীয়াৰ। ফলত একপ্রকাৰ পতনমুখী হৈছিল গৌতম আদানিৰ সম্পত্তিৰ পাহাৰ। প্রায় এবছৰ পূৰ্বে শ্বেয়াৰ মাৰ্কেটত নিজৰ কোম্পানীৰ শ্বেয়াৰ জালিয়াতিৰে বৃদ্ধি কৰা বুলি হিণ্ডেনবাৰ্গে এক প্ৰতিবেদনৰ পাছতে পতন আৰম্ভ হৈছিল আদানিৰ কোম্পানীৰ।

এই সময়ছোৱাত আদানিয়ে হেৰুৱাইছিল ৪০ বিলিয়ন ডলাৰৰ সম্পত্তি 

ভাৰতীয় মুদ্রাত এই পৰিমাণ ৩ লাখ ৩২ হাজাৰ ৬১৬ কোটি টকা

অৱশ্যে বিভিন্ন ব্যৱস্থা লৈ তেওঁৰ কোম্পানীসমূহৰ এই পতন ৰুধিবলৈ সক্ষম হয় বিলিয়নাৰ গৌতম আদানি। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে সকাহ দিয়ে আদানি গোষ্ঠীক। আদানিৰ শ্বেয়াৰ জালিয়াতি সন্দৰ্ভত আদালতত চলি থকা গোচৰৰ তদন্তভাৰ SEBIৰ বিপৰীতে SIT গঠন কৰা তথা CBIক তদন্তভাৰ দিয়াৰ বাবে আৰ্জি জনোৱা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে SEBIৰ প্রতিবেদনৰ ওপৰতে ভৰসা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক আদানিয়ে আইন ভংগ কৰা বিষয়টো পৰীক্ষা কৰিবলৈ চৰকাৰক দায়িত্ব দিয়ে। লগে লগে উচ্চতম ন্যায়ালয়ে আদানি গোষ্ঠীক কলংকমুক্ত কৰা বুলি সামাজিক মাধ্যমত ব্যাপক প্রচাৰ চলে।

SCৰ ৰায়ৰ পাছতে শ্বেয়াৰ মাৰ্কেটত ব্যাপক উত্থান আদানি কোম্পানীৰ

এদিনতে আদানিৰ সম্পত্তি ৭.৭ বিলিয়ন ডলাৰ পৰিমাণে বৃদ্ধি

এই উত্থানৰ ফলতে গৌতম আদানিয়ে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ পুনৰ ঘূৰাই পায়। শুকুৰবাৰে আদানিৰ সম্পত্তিৰ পৰিমাণ মুকেশ আম্বানিৰ সম্পত্তিতকৈও বৃদ্ধি পায়। 

মুকেশ আম্বানিৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ৯৭ বিলিয়ন ডলাৰ

ভাৰতীয় মুদ্রাৰ হিচাপত ৮ লাখ ৬ হাজাৰ ৬৮০ কোটি টকা

বিপৰীতে আদানিৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি ৯৭.৬ বিলিয়ন ডলাৰ

ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৮ লাখ ১১ হাজাৰ ৫৮৪ কোটি টকা 

শ্বেয়াৰ মাৰ্কেটত আদানি গোষ্ঠীৰ জালিয়াতিৰ অভিযোগ আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে গৌতম আদানিৰ সম্পৰ্কক লৈ বিগত এটা বছৰ ধৰি সৰৱ হৈ আছিল বিৰোধী দলসমূহ। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছত আদানিক লৈ শাসক-বিৰোধীৰ ‍বাকযুদ্ধই কি পৰ্যায় পায় সেয়া হ’ব লক্ষণীয়। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...