বালিজান ট্ৰেজেদীৰ ৩টা দিন

৩ জানুৱাৰী, ২০২৪। এই অভিশপ্ত দিনটোৰ কথা হয়তো কোনেও মনত পেলাবলৈ নিবিচাৰিব। মনত পেলাবলৈ নিবিচাৰিব দাউ দাউ কৈ জ্বলি উঠা ১১খন চিতাৰ কথা। বিপন্ন দিনৰ বনভোজৰ কাহিনীটো হয়তো কেৱল এক ভয়ানক স্মৃতি হৈয়ে ৰ’ব। আজিৰ দিনটোত গোলাঘাটৰ বছা–ভৰলুৱা গাঁৱত অকল্পনীয় নিস্তব্ধতা। চুবাই–চুবুৰীয়ে পাতিলে তিলনি। চকুৰ পানীৰে বাট নেদেখা দিনে সকলোকে কৰিছে বাকৰুদ্ধ–স্তব্ধ–নিথৰ।

এনে বুধবাৰ কাৰো জীৱনলৈ নাহক
এনে ঘটনা কাৰো জীৱনত নঘটক
এনে পৰিস্থিতিৰ সন্মুখীন কোনো নহওক
বালিজান ট্ৰেজেদীৰ ৩টা দিন
বছা–ভৰলুৱাত চুবাই–চুবুৰীয়ে তিলনি

এই পদূলিৰ পৰাই ওলাই গৈছিল ৫ জনকৈ লোক।
তেতিয়া নিশা প্ৰায় দুপৰ…
প্ৰায় আগদিনাৰ পৰাই পিকনিক যোৱাৰ আনন্দত মুখৰিত হৈ থকা ঘৰখন আজি নিৰ্বাক–নিথৰ।
একেলগে ৪ খন চিতাৰ জুই বুকুত কঢ়িয়াই লৈ ফুৰিছে এই মানুহজনে।
পুত্রক হেৰুৱালে, হেৰুৱালে পত্নীক
আৰু হেৰুৱালে তিনিজনকৈ স্বজন
তিলনিৰ দিনা সুঁৱৰিছে পুত্ৰৰ কথা

পত্নীয়ে যমৰ আগত পিকনিক খালোঁ বুলি ক’বলৈকে পাৰিম বুলি কৰিছিল ৰসিকতা। সেই সময়ত এইজন মানুহেও নাজানিছিল, সেয়াই আছিল শেষ কথা।

আজি এই যা–যোগাৰেৰে পতা হ’ল তিলনি। নিয়মমাফিক প্ৰতিটো কামেই কৰা হৈছে। আত্মীয়ক হেৰুৱাই চোতালত ৰৈ এইদৰে জঠৰ হৈ পৰিছে ৰাইজ। নিৰুপায়। শৈশৱৰ খেলৰ লগৰীক হেৰুৱাই কাতৰ এইগৰাকী। অসহায় কণ্ঠেৰে ক’লে, – ‘আৰুনো কি চাবলৈ আহিম?’

এই প্ৰাৰ্থনা নেদেখাজনৰ ওচৰলৈ। সতীৰ্থক হেৰুৱাই ক্ৰন্দনকাতৰ এইসকল কণমানি।
বছা–ভৰলুৱাগাঁৱৰ পথে উপপথে, চোতালে পথাৰে কেৱল মৰিশালিৰ নিৰৱতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...