পুনৰ ভাৰত মহাসাগৰত তাণ্ডৱ ছোমালি জলদস্যুৰ

২০০৮ চনৰ পৰা ২০১৩ চনলৈ ছোমালিয়াৰ জলদস্যুৰ তাণ্ডৱে বিভিষীকাৰ সৃষ্টি কৰিছিল ভাৰত মহাসাগৰ, আৰব সাগৰ আদিত চলা জাহাজসমূহত। পৰৱৰ্তী সময়ছোৱাত ছোমালি জলদস্যুৰ বিৰুদ্ধে আন্তৰ্জাতিক অভিযানৰ পাছত জলদস্যুৰ তাণ্ডৱ হ্রাস পাইছিল যদিও পুনৰ এতিয়া মূৰ ডাঙি উঠিছে জাহাজ আক্রমণকাৰী জলদস্যুৱে। শেহতীয়াকৈ বন্দুকধাৰী ছোমালি জলদস্যুৱে দখল কৰিছে এখন জাহাজ, য’ত আছিল ১৫জন ভাৰতীয় কৰ্মচাৰী।    

পুনৰ ভাৰত মহাসাগৰত তাণ্ডৱ ছোমালি জলদস্যুৰ

১৫গৰাকী ভাৰতীয় কৰ্মচাৰীসহ এখন জাহাজ অপহৰণ

ছোমালিয়াৰ উপকূলত MV LILA NORFOLK শীৰ্ষক জাহাজখন অপহৰণ

লাইবেৰীয়াৰ পতাকা লগোৱা জাহাজখনক পৰ্যবেক্ষণ ভাৰতীয় নৌ সেনাৰ

আফ্রিকান দেশ ছোমালিয়াৰ উপকূলেদি গৈ থকা এখন জাহাজ অপহৰণ কৰি হস্তগত কৰিছে ছোমালিৰ জলদস্যুৱে। MV লীলা নৰফ’ক শীৰ্ষক এখন সামগ্ৰী পৰিবহণকাৰী জাহাজ বন্দুকধাৰী ছোমালি জলদস্যুৱে আক্রমণ কৰি নিজৰ দখললৈ নিয়ে। ৬ৰ পৰা ৭জন বন্দুকধাৰীয়ে জাহাজখন নিজৰ দখললৈ নিয়া বুলি জানিব পৰা গৈছে। জাহাজখনত আছে অন্যান্যসকলৰ লগতে ১৫গৰাকী ভাৰতীয় কৰ্মচাৰী।

অপহৰণৰ ঘটনাৰ পাছতে তৎপৰ হৈ পৰে ভাৰতীয় নৌ সেনা

পৰিস্থিতি মোকাবিলা কৰিবলৈ নৌ সেনাৰ জাহাজ ‘INS চেন্নাই’ প্রেৰণ

নৌ সেনাই নিয়োজিত কৰিলে মেৰিটাইম পেট্র’ল বিমান

শুকুৰবাবে পুৱা বিমানখনেৰে আকাশমাৰ্গেদি পৰ্যবেক্ষণ জাহাজখন

ভাৰতীয় নৌ সেনাই অপহৃত জাহাজখন নিজৰ নজৰত ৰখা বুলি জানিব পৰা গৈছে। জলদস্যু বাহিনীৰ সৈতেও সংযোগ স্থাপনৰ বাবে যো-জা চলাই থকা বুলি বাতৰি প্রকাশ পাইছে। উল্লেখ্য যে আৰব সাগৰ আৰু ভাৰত মহাসাগৰত চলাচল কৰা জাহাজসমূহৰ ওপৰত জলদস্যুৰ আক্রমণ প্রায় ১০ বছৰ পাছত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...