হিমাচলত জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন, অসমৰ প্ৰথমটো দল ৰাওনা

অহা ছয় অক্টোবৰৰ পৰা হিমাচল প্ৰদেশত অনুষ্ঠিত হ’বলগা আই ডব্লিউ এল এফ যুৱ, জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ বাবে অসমৰ ল’ৰা-ছোৱালী তথা পুৰুষ-মহিলাৰ দলটো ঘোষণা কৰা হৈছে৷ অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে জনোৱা অনুসৰি নিৰ্বাচিত খেলুৱৈসকল হ’ল-

ছোৱালী-মহিলা ঃ ৪০ কেজিত মৃদুস্মিতা চিত্ৰকৰ, ৪৫ কেজিত মনিকা সোণোৱাল-ৰেখামনি গগৈ, ৪৯ কেজিত চয়নিকা গগৈ-পঞ্চমী সোণোৱাল-কৃষ্টি কুকি শইকিয়া-বৰ্ণালী বৰা, ৫৫ কেজিত ইছাংফা গগৈ-মাৰ্টিনা মিলি, ৫৯ কেজিত ভাবনা গগৈ-শতাব্দী ভূঞা, ৬৪ কেজিত ত্ৰিলুচানা ফুকন-ৰিজুমনি খাটোৱাল-দিতিমনি সোণোৱাল, ৭১ কেজিত নানচেংফা বৰগোহাঁই-ডুনখম চেং তুৰুং, ৭৬ কেজিত তৃষ্ণা গগৈ-সংগীতা সাদানিধৰ, ৮১ কেজিত জাবিন চুলতানা, ৮১ কেজি উৰ্ধত বৃন্দাৱনী পাচনী আৰু ৮৭ কেজিত মধুস্মিতা বৰুৱা৷

ইফালে, ল’ৰা-পুৰুষ শাখাত খেলিব লগা খেলুৱৈসকল হ’ল ঃ ৪৯ কেজিত মানস প্ৰতীম দুৱাৰা-অংকুৰজ্যোতি বৰা, ৫৫ কেজিত ধৰ্মজ্যোতি দেওঘৰিয়া-বিষ্ণু সোণোৱাল, ৬১ কেজিত ঘনশ্যাম গগৈ-ৰিকি গগৈ, ৬৭ কেজিত অভিনব গগৈ-সিদ্ধান্ত গগৈ-মনোৰঞ্জন ঢেকিয়াল, ৭৩ কেজিত বেদব্ৰত ভৰালী-হেমন্ত দৈমাৰী-প্ৰবাল প্ৰতীম গগৈ, ৮১ কিজিত ঋষভ শইকীয়া-ত্ৰিদিপ বৰুৱা, ৮৯ কেজিত গোলাপ গগৈ-সুদিত্য বৰুৱা, ৯৬ কেজিত কনিস্কা বৰা-দিয়ান কাশ্যপ, ১০২ কিজিত কপিল সোণোৱাল আৰু চানক্য বৰা৷ দলৰ প্ৰশিক্ষক দুলাজিৎ বৰুৱা আৰু উপলক্ষ্য ৰাভা৷ আনহাতে, মেনেজাৰ বশিষ্টমনি দেওৰী৷

উল্লেখ্য যে প্ৰতিযোগিতাখন অহা ১৩ অক্টোবৰত সামৰণি পৰিব৷ আজি অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷ তিনিটা পৰ্যায়ত অসমৰ খেলুৱৈসকল হিমাচললৈ ৰাওনা হ’ব৷

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...