গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন

আজি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱা দলৰ কাৰ্যকৰী সভাপতি আবু ছালেহ নাজমুদ্দিনে দলীয় পতাকা উত্তোলন কৰে আৰু দলৰ বিষয়ে বক্তব্য প্ৰদান কৰে। বদৰুদ্দিন আজমলৰ নেতৃত্বত ২০০৫ চনৰ আজিৰ দিনটোতে গঠন হোৱা এই ৰাজনৈতিক দলটোৰ বৰ্তমানৰ উপ-সভাপতি তথা মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে এটি কেক্ কাটি প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰি দলৰ জন্ম বৃত্তান্ত সুঁৱৰি দল জন্ম লগ্নৰ পৰাই জনগণৰ বাবে কৰি অহা সংগ্ৰামৰ কথা ব্যক্ত কৰি দলৰ বাবে শ্বহীদ হোৱা সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনাগত দিনবোৰত দলক আৰু শক্তিশালী কৰাৰ বাবেও সংকল্প গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...