পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰীয় দাবী

পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ দাবী ৰাষ্ট্ৰীয় দাবী। এয়া দেশৰ প্ৰতিটো প্ৰান্তৰ শিক্ষক-কৰ্মচাৰীৰেই নহয় বৰং সাধাৰণ নাগৰিকৰো একক দাবী। যদিহে ৰাষ্ট্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমুহে ডিচেম্বৰ ২০২৩ ভিতৰত পুৰণি পেঞ্চন ব্যৱস্থাৰ হকে সিদ্ধান্ত গ্ৰহণ নকৰিলে ২০২৪ বৰ্ষত হ’বলগীয়া লোকসভা নিৰ্বাচনত শিক্ষক-কৰ্মচাৰী সকলেই নহয় বৰং সাধাৰণ নাগৰিক সকলে নিজৰ সিদ্ধান্ত বেলটৰ যোগেদি প্ৰদান কৰিব। National Old Pension Restoration United Front (NOPRUF)ৰ দ্বাৰা আয়োজিত সংসদ ভৱন ঘেৰাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই নিজৰ ভাষণত এনেদৰে প্ৰকাশ কৰে।

দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ সহযোগত আজি নতুন দিল্লীৰ জন্তৰ মন্তৰত সংসদ ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰা হয়। অসমৰ পৰা শতাধিক প্ৰতিনিধিৰ উপৰিও জম্মু, কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, চত্তিশগড়, ঝাৰখন্ড, কৰ্ণাটক, দিল্লী, হাৰিয়ানা আদি ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ কৰি কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠা কৰাৰ বাবে দাবী জনায়।

NKTV Digital
Author: NKTV Digital

381 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...