ম্যানমাৰলৈ গণতন্ত্ৰ ঘূৰি আহিছে, সামৰিক জুন্টাই ঘোষণা কৰিলে সাধাৰণ নিৰ্বাচনৰ তাৰিখ

তিনি সপ্তাহ পূৰ্বে জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰি সাধাৰণ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া ম্যানমাৰৰ সামৰিক জুন্টাৰ প্ৰধান জেনেৰেল মিন আং হ্লাইঙ-এ সোমবাৰে ঘোষণা কৰিছে যে, আগন্তুক ২৮ ডিচেম্বৰৰ পৰা দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। জুন্টাৰ এই ঘোষণাক সশস্ত্ৰ বিদ্ৰোহী জোট আৰু গণতন্ত্ৰপন্থীসকলৰ বাবে কিছু আশাৰ বাৰ্তা বুলি গণ্য কৰা হৈছে।

২০২০ চনৰ নৱেম্বৰত ভাৰতৰ প্ৰতিবেশী এই দেশত শেষবাৰৰ বাবে পাৰ্লিয়ামেণ্টৰ দুটা কক্ষৰ (উচ্চকক্ষ ‘হাউচ অৱ নেশ্যনেলিটিজ’ আৰু নিম্নকক্ষ ‘হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভচ’) নিৰ্বাচন অনুষ্ঠিত হৈছিল। গণতন্ত্ৰপন্থী নেত্ৰী আউং চান ছু চিৰ দল নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেছী (এন এল ডি)য়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। কিন্তু ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানৰ জৰিয়তে এন এল ডি চৰকাৰক উৎখাত কৰি ম্যানমাৰৰ সেনাই ক্ষমতা দখল কৰে। তাৰ পিছৰ পৰা চীনৰ ঘনিষ্ঠ সামৰিক জুন্টাৰ শাসন আৰম্ভ হৈছিল। বিগত প্ৰায় চাৰি বছৰত ম্যানমাৰৰ সেনাই বিভিন্ন গণতান্ত্ৰিক ৰাজনৈতিক দল আৰু জনজাতীয় গোষ্ঠীসমূহক ধাৰাবাহিকভাৱে লক্ষ্য কৰি লৈছে।

কিন্তু বিগত নৱেম্বৰৰ পৰা দেশৰ তিনিটা বিদ্ৰোহী গোষ্ঠীয়ে ‘থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’ গঠন কৰি সামৰিক জুন্টাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ পোছাকী নাম আছিল ‘অপাৰেশ্যন ১০২৭’। ইয়াৰ ফলত দেশৰ এটা বৃহৎ অংশ জুন্টাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। ঘটনাক্ৰমত, বিদ্ৰোহীসকলৰ এটা অংশৰ আঁৰত চীনৰ গোপন সমৰ্থনৰ অভিযোগো আছে। এই পৰিস্থিতিত দিশহাৰা হৈ হ্লাইঙ-এ শেষত ভোটৰ তাৰিখ ঘোষণা কৰিলেও ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া মসৃণ হ’ব নে নহয়, তাক লৈ ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশৰ মাজত এতিয়াও সংশয় নথকা নহয়। ম্যানমাৰৰ নিৰ্বাচনত মুঠ ৫৫টা ৰাজনৈতিক দলক নথিভুক্ত কৰা হৈছে বুলি দেশখনৰ নিৰ্বাচন আয়োগে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...