গুৱাহাটীত সামুদ্রিক দক্ষতা বিকাশ কেন্দ্র উদ্বোধন কৰিলে প্ৰধানমন্ত্রীয়ে

প্ৰধানমন্ত্রী মোদীৰ নেতৃত্বত উত্তৰ-পূব অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈছে মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পাণ্ডু ঘাটৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদীকুজ এম ভি গংগা বিলাসৰ ফ্লেগ অফ কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে। অত্যাধুনিক সুবিধাৰে সজ্জিত এম ভি গংগা বিলাসে ৫১ দিনত বাংলাদেশ অতিক্ৰম কৰি উত্তৰ প্ৰদেশৰ বাৰানসী আৰু উজনি অসমৰ ডিব্ৰুগড়ৰ মাজত ৩২০০ কিঃমিঃ দূৰত্ব অতিক্রম কৰিব আৰু এই পথছোৱাত পৰ্যটকে ৫০ টা প্রধান পৰ্যটনস্থলী ভ্ৰমণৰ সুবিধা লাভ কৰিব। আনহাতে, প্রধানমন্ত্রীয়ে ৬ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নিৰ্মাণ কৰা সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে পাণ্ডুত ২০৮ কোটি টকা ব্যয় সাপেক্ষে জাহাজ মেৰামতি কেন্দ্ৰ আৰু ১৮০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ ২৭ ৰ সৈতে সংযোগ কৰি পাণ্ডুৰ মাল্টি মডেল টার্মিনেল সংযোগী এলিভেটেড পথৰ আধাৰশিলা স্থাপন করে।

উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ বিকাশ আৰু উন্নয়নৰ ইঞ্জিন হিচাপে পৰিগণিত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা একাধিক পদক্ষেপৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰকৃত সম্ভাৱনাক বিকশাই তোলাৰ দিশত এম ভি গংগা বিলাস মুকলি কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰিবহনৰ যোগেদি উত্তৰ-পূবৰ ৰূপান্তৰৰ প্ৰধানমন্ত্ৰীৰ লক্ষ্যক বাস্তবায়িত কৰাৰ দিশত ইয়ে বহুলাংশে বৰঙণি যোগাব। মুখ্যমন্ত্ৰীয়ে দেশৰ আৰু বাহিৰৰ পৰ্যটকসকলক এম ভি গংগা বিলাসে আগবঢ়োৱা সুবিধা গ্ৰহণ কৰিবলৈও পর্যটকসকলক আহ্বান জনায়।

সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰই অঞ্চলটোৰ যুৱক-যুৱতীসকলক আগন্তুক দিনত সামুদ্রিক খণ্ডই প্ৰধান কৰিবলগীয়া কৰ্ম সংস্থাপন আৰু আত্মনিয়োজনৰ সুযোগসমূহৰ ব্যৱহাৰ কৰিব পৰাটো নিশ্চিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয় যে জাহাজ মেৰামতি কেন্দ্ৰ আৰু পাণ্ডু বন্দৰক ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ সৈতে সংযোগ কৰা পথটোৱে অঞ্চলটোৰ নদী জাহাজ খণ্ডৰ বাবেই নহয়, ৰাজ্যৰ অর্থনৈতিক বিকাশতো অপৰিসীম বৰঙণি যোগাব।

ইয়াৰ পূৰ্বে শক্তি কৰিডৰ আৰু বৌদ্ধিক মহলত উত্তৰ-পূবৰ মূল সুঁতিৰ প্ৰয়োজনীয়তাৰ কথা চৰ্চা হৈছিল যদিও প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ই কেৱল ঘোষণা হৈয়ে নাথাকিল, বৰং আখৰে আখৰে ৰূপায়ণ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয় তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ পূবত আজি সকলো দিশতে অভূতপূর্ব অগ্রগতি লাভ কৰিছে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, বিহাৰৰ উপ মুখ্যমন্ত্রী তেজস্বী যাদরেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যোগাদান কৰাৰ লগতে পাণ্ডুত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় জাহাজ পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইক আৰু সাংসদ কুইন ওজাও উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...