আকৌ ৰাফেলঃ ভাৰতীয় নৌসেনাৰ বাবে ২৬ যুদ্ধ বিমান

✒️ অচিন্ত্য শৰ্মা

ভাৰতীয় বায়ুসেনাৰ বাবে ৩৬খন ৰাফেল যুদ্ধবিমান ক্ৰয় কৰাৰ পিছত এইবাৰ মোদী চৰকাৰ আগবাঢ়িছে ভাৰতীয় নৌসেনাৰ বাবে অন্য ২৫খন ৰাফেল বিমান ক্ৰয় কৰাৰ পথত। অহা মাৰ্চ মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোন ভাৰত ভ্ৰমণলৈ অহাৰ কথা। সকলো দিশ পৰিকল্পনা অনুসৰি আগবাঢ়িছে উক্ত ভ্ৰমণকালতে দুয়োদেশৰ চৰকাৰী পৰ্যায়ত স্বাভাবিক স্বক্ষৰিত হ’ব এই চুক্তি বহুগুণে বৃদ্ধি পাব ভাৰতীয় নৌসেনাৰ শক্তি। পিচে কিয় ভাৰতীয় নৌ-সেনাক লাগে নতুন যুদ্ধবিমান? ভাৰতীয় নৌসেনাৰ শেহতীয়াভাবে চামিল কৰা হৈছে যুদ্ধ বিমানবাহী নতুন জাহাজ আই এন এছ বিক্ৰান্ত। এই নতুন জাহাজখনৰ বাবে নতুন যুদ্ধ বিমান প্ৰয়োজন ভাৰতীয় নৌসেনাক। আনহাতে নৌসেনাক সম্প্ৰতি ব্যৱহাৰ কৰি থকা ৰুছিয়াৰ মিগ শ্ৰেণীৰ বিমানসমূহ পুৰণি হৈ আহিছে। এইসমূহৰ ৰিপ্লেছমেণ্ট হিচাপেও ভাৰতীয় নৌসেনাক লগে লগে নতুন যুদ্ধবিমান। সেয়ে ভাৰত চৰকাৰ আগবাঢ়িছে পাফেলৰ নৌ সংস্কৰণ ক্ৰয়ৰ বাবে। অৱশ্যে এইখিনিতে প্ৰশ্ন উঠে, এইবাৰো ৰাফেলহে কিয়?

নিজৰ নৌসেনাৰ বাবে নতুন যুদ্ধবিমান বিচাৰি যেতিয়া ভাৰতে বিশ্বজোৰা সন্ধান চলাইছিল, তেতিয়া ৰাফেলৰ নিৰ্মাণ ফৰাচী প্ৰতিষ্ঠান উছল্ট এভিয়েশ্যনৰ লগতে আগবাঢ়ি আহিছিল মাৰ্কিন বিমান নিৰ্মাণ প্ৰতিষ্ঠান বোইঙো। বোইঙো ভাৰতীয় নৌসেনাৰ বাবে আগবাঢ়িছিল নিজৰ শ্ৰেষ্ঠতম যুদ্ধবিমান F18 ছুপাৰ হৰ্নেট। তথাপি মাৰ্কিন যুদ্ধবিমানৰ ওপৰত ভাৰতে নিৰ্ভৰ কৰিবলৈ ভৰষা নাপালে। কাৰণ অতীততো বিভিন্ন উপলক্ষত ভাৰতৰ ওপৰত বিভিন্ন পৰ্যায়ৰ নিষেধাজ্ঞা আৰোপ কৰা আমেৰিকাই ভবিষ্যতেও ভাৰতৰ ওপৰত যিকোনো অচিলাতে আৰোপ কৰিব পাৰে বিভিন্ন পৰ্যায়ৰ নিষেধাজ্ঞা। তেনে অৱস্থাত সমস্যা হ’ব পাৰে স্পেয়াৰ পাৰ্টছৰ। সেয়ে এই স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত মাৰ্কিন বিমানতকৈ ফৰাছী বিমানক অগ্ৰাধিকাৰ দিবলৈ বাধ্য হৈছে মোদী চৰকাৰ। কিয়নো আমেৰিকাত কৈ ফ্ৰান্স ভাৰতৰ প্ৰতি অধিক বন্ধুভাবাপন্ন। আনহাতে ভাৰতীয় বায়ুসেনাই দুই স্কোৱাড্ৰন ৰাফেল বিমান ইতিমধ্যে ব্যৱহাৰ কৰি থকাৰ পৰিপেক্ষিতত ভাৰতীয় নৌসেনাৰ বাবেও বিমানসমূহৰ যন্ত্ৰাংশ আৰু মেৰামতি হৈ উঠিব যথেষ্ট সহজ। তদুপৰি সম্ভাব্য এই ৰাফেল ক্ৰয় চুক্তিৰ ক্ষেত্ৰত ফ্ৰান্সে আগবঢ়াইছে এক বিৰল সুবিধা। যদিহে ভাৰতীয় নৌসেনাৰ বাবে ৰাফেল ক্ৰয় নিশ্চিত হৈ উঠে, তেনেহ’লে ফৰাছী নৌসেনাৰ নিজৰ বিমানবাহী যুদ্ধজাহাজ চাৰ্লছ দ্য গৌলেত থকা ৰাফেল বিমানসমূহৰ একাংশ ভাৰতক তাত্ক্ষণিকভাবে দি দিব আগতীয়া প্ৰশিক্ষণৰ বাবে।

ৰাফেলৰ নৌ-সংস্কৰণ, ৰাফেল এম আজিৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ যুদ্ধবিমান। চতুৰ্থ প্ৰজন্মৰ এই বিমানখনৰ লগত সংযোজিত হৈ আছে ষ্টেলথ প্ৰযুক্তি। লগতে ই সক্ষম পাৰমাণবিক আক্ৰমণ চলাবলৈকো। আনহাতে পূৰ্বৰ ৰাফেল ক্ৰয় চুক্তিৰ নিচিনাকৈ এইবাৰৰ এই ৰাফেল-এম ক্ৰয় চুক্তিও হ’ব পোনপটীয়াকৈ ভাৰত চৰকাৰ আৰু ফ্ৰান্স চৰকাৰৰ মাজত। সেয়ে এই চুক্তি নাথাকিব কোনো দালাল বা মধ্যভোগী। সকলো পেক্ষাপট সামৰি দুয়োদেশৰ বাবেই হৈ উঠিব পাৰে এক উইন-উইন পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

1566 COMMENTS

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...