মাস্কে নিজৰ নতুন দলটোৰ নাম ৰাখিলে ‘দ্য আমেৰিকা পাৰ্টি’

ড’নাল্ড ট্ৰাম্পৰ সৈতে ইলন মাস্কৰ মৌখিক সংঘৰ্ষ চৰম সীমাত উপনীত হৈছে। ইজনে সিজনৰ বিৰুদ্ধে কঠোৰ সমালোচনাৰে আক্ৰমণৰ লগতে ব্যক্তিগত আক্ৰমণো কৰিছে। এনে পৰিস্থিতিত আমেৰিকাৰ ধনকুবেৰ ইলন মাস্কে ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিব নেকি, তাকে লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এই জল্পনা-কল্পনাৰ সূত্ৰপাত ঘটাইছে মাস্কে নিজেই। শনিবাৰে তেওঁ এটা নতুন ৰাজনৈতিক দলৰ নামো ঘোষণা কৰিছে।

বৃহস্পতিবাৰে মাস্কে সামাজিক মাধ্যমত ভোটৰ আয়োজন কৰে। তাত তেওঁ প্ৰশ্ন ৰাখিছিল যে, আমেৰিকাত এটা নতুন ৰাজনৈতিক দল গঠনৰ সময় হৈছে নেকি? এই প্ৰশ্নৰ উত্তৰত ৮০ শতাংশ লোকে ইতিবাচক সঁহাৰি দিয়ে। ভোটৰ ফলাফলৰ পোষ্ট শ্বেয়াৰ কৰি মাস্কে লিখিছিল, ‘দ্য আমেৰিকা পাৰ্টি’। মাস্কে এই বিষয়ত আৰু স্পষ্টকৈ একো নক’লেও, ধাৰণা কৰা হৈছে যে তেওঁ নতুন দলৰ নামকৰণ কৰিছে।

কিন্তু মাস্কে সঁচাকৈয়ে ৰাজনীতিত প্ৰৱেশ কৰিব নে এই সকলোবোৰ কেৱল তেওঁৰ চমক, তাক লৈ অনেকে সন্দেহ প্ৰকাশ কৰিছে। কাৰণ, দীৰ্ঘদিন ধৰি আমেৰিকাত দ্বি-দলীয় ব্যৱস্থা চলি আহিছে। আমেৰিকাত মূলতঃ ডেম’ক্ৰেট আৰু ৰিপাব্লিকানৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়। এনে পৰিস্থিতিত তৃতীয় পক্ষ হিচাপে ট্ৰাম্পে কেনেকৈ আমেৰিকাৰ ৰাজনৈতিক ব্যৱস্থাত অংশ ল’ব, সেয়াও এতিয়াও স্পষ্ট নহয়। তথাপি, দল গঠনৰ বাবে প্ৰয়োজনীয় অৰ্থ আৰু পৰিকাঠামোৰ অভাৱ মাস্কৰ নহ’ব বুলি বহুতে একবাক্যে স্বীকাৰ কৰিছে।

বৃহস্পতিবাৰে ট্ৰাম্পে দাবী কৰিছিল যে, মাস্কৰ সহায় অবিহনে তেওঁ আমেৰিকাৰ পেনচিলভেনিয়া প্ৰদেশত জয়ী হ’ব পাৰিলেহেঁতেন। ট্ৰাম্পৰ এই দাবীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে টেছলা আৰু এক্সৰ স্বতাধিকাৰী মাস্কে এটা পোষ্ট কৰে। তাত তেওঁ লিখিছিল, “মোৰ সহায় অবিহনে ট্ৰাম্পে এই নিৰ্বাচনত জিকিব নোৱাৰিলেহেঁতেন।” ট্ৰাম্পৰ বিৰুদ্ধে সুৰ আৰু তীব্ৰ কৰি মাস্কে ‘ডাঙৰ বিস্ফোৰণ’ কৰাৰো ভাবুকি দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...