শিহৰণকাৰী! পুত্ৰই দাৰে ঘপিয়াই দুচেও কৰিলে দেউতাকক

দাৰে ঘপিয়াই নিজ পিতৃক হত্যা কৰিলে এক পাষাণ পুত্ৰই৷ হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ কাছাৰ জিলাৰ বাশকান্দি মদ্ৰীপাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। দাৰে ঘপিয়াই ৭০ বছৰীয়া বৃদ্ধ পিতৃক হত্যা কৰিলে প্ৰীতম শুক্লবৈদ্য নামৰ পুত্ৰই৷ প্ৰতীম শুক্লবৈদ্য নামৰ যুৱকজনে সন্ধিয়া বাসগৃহৰ চৌহদত পিতৃক দাৰে উপৰ্যুপৰি আক্ৰমণ চলায়। দেউতাকক কাটি চিৰাচিৰ কৰি সেইস্থানৰ পৰা পলায়ন কৰে ৷ পিছত স্থানীয় লোকে ৰক্তাক্ত অৱস্থাত বৃদ্ধগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় যদিও আদবাটতে মৃত্যু হয় বৃদ্ধ পিতৃগৰাকীৰ৷ এই ঘটনাৰ লগে লগে বাশকান্দি আৰক্ষীয়ে অভিযান চলাই নিশাই অভিযুক্ত হত্যাকাৰী পুত্ৰ প্ৰীতম শুক্লবৈদ্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে হত্যাকাৰী পাষাণ পুত্ৰই কেমেৰাৰ সম্মুখত হত্যাৰ কথা স্বীকাৰ কৰি কয় যে, নিজে দাৰে ঘপিয়াই পিতৃক হত্যা কৰিছে ৷ বৃদ্ধি পিতৃজনে বহুদিনৰ পৰা মানসিকভাবে অত্যাচাৰ চলাই আহাৰ বাবেই এনে কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...