পুত্ৰৰ প্ৰাক্–বিবাহ পাৰ্টিত কিয় চকুপানী টুকিলে মুকেশ আম্বানিয়ে?

হলিউড, বলিউড, ক্ৰীড়া, উদ্যোগ জগত একাকাৰ
প’প ষ্টাৰ ৰিহানাৰ সংগীত
৩ খান ছলমান-শ্বাহৰুখ-আমিৰৰ নৃত্য
সকলোৱে কৰিলে আনন্দ
পুত্ৰৰ প্ৰাক্–বিবাহ পাৰ্টিত কিয় চকুপানী টুকিলে মুকেশ আম্বানিয়ে?

সমগ্ৰ দেশ জুৰি চৰ্চা হৈছে ধনকুবেৰ, উদ্যোগপতি মুকেশ আম্বানিৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক বিবাহ পাৰ্টিক লৈ। গুজৰাটৰ জামনগৰত অনুষ্ঠিত হোৱা এই পাৰ্টিলৈ অহা নাছিল কোন। উবুৰি খাই পৰিল বলিউড। দক্ষিণৰ ছুপাৰ ষ্টাৰেৰে ভৰিল জামনগৰৰ উৎসৱস্থলী। সমাগম ঘটিল বিশ্বৰ ধনকুবেৰসকলৰ।

৭৪ কোটি টকা লৈ এই পাৰ্টিত সংগীত পৰিৱেশন কৰিবলৈ আহিল বিখ্যাৎ প’প ষ্টাৰ ৰিহানা। ধন কুবেৰ বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গ, ইভাংকা ট্ৰাম্প, গৌতম আদানীৰ দৰে লোকৰ সমাৱেশ ঘটিল অনন্ত আম্বানি আৰু বাগদত্তা ৰাধিকা মাৰ্চেণ্টৰ প্রাক-বিবাহ উৎসবত। অমিতাভ বচ্চন, ৰজনীকান্ত, ৰামচৰন, ৰণবীৰ সিং, কৰিনা–কৰিস্মাসহ বলিউডৰ ৰথী-মহাৰথীয়ে ভিৰ কৰা এই অনুষ্ঠানতে নৃত্য কৰিলে শ্বাহৰুখ, আমিৰ, ছলমান, অক্ষয় কুমাৰে। আহিল শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীও। মুকেশ আম্বানিৰ পুত্ৰৰ প্ৰাক্–বিবাহ পাৰ্টীলৈ আহিল UAEৰ প্ৰধানমন্ত্ৰী মহম্মদ বীন ৰছিদ আল মাকতুম। ১ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা ৩ দিনীয়া উৎসৱৰ শেষৰ দিনা উপস্থিত হ’লহি UAEৰ প্ৰধানমন্ত্ৰীজন।

মুঠতে শিল্পী, উদ্যোগী, ৰাষ্ট্ৰনেতা, ধনকুবেৰ সকলোৱে ভিৰ হ’ল অনন্ত-মাৰ্চেণ্ট প্ৰাক্ বিবাহ পাৰ্টীত। কিন্তু এনে আনন্দ উৎসৱৰ মাজতে কান্দোনত ভাগি পৰিল ধনকুবেৰ মুকেশ আম্বানি। সমবেতসকলক উদ্দেশ্যি অনন্ত আম্বানিয়ে যেতিয়া নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ সংগ্ৰাম কিদৰে কৰিব লগা হৈছিল সেয়া বৰ্ণনা কৰিলে চকুপানী ৰখাব নোৱাৰিলে মুকেশ আম্বানিয়ে। এই কষ্ট আৰু সংগ্ৰামৰ একমাত্ৰ সাক্ষী আছিল মাতৃ নীতা আম্বানি আৰু পিতৃ মুকেশ আম্বানি।

দেশৰেই নহয়, বিশ্বৰেই অন্যতম উদ্যোগপতি, ধনাধ্য ব্যক্তি মুকেশ আম্বানিৰ ঘৰত দুখ কিম্বা সংগ্ৰাম থাকিব পাৰে বুলি হয়তো কোনেও নাভাবে। কিন্তু এনে ঘৰতো কিদৰে দুখৰ অৱস্থিতি থাকে সেইকথা স্পষ্ট হ’ল অনন্ত আম্বানিৰ কথাত। তথাপি এই প্ৰত্যাহ্বান নেওচি অনন্ত সাজু হৈছে বিবাহৰ বাবে। প্ৰাক বিবাহ পাৰ্টীত ভিৰ কৰিছে তাৰকা মহাতাৰকাই। অহা ১২ জুলাইত অনুষ্ঠিত হ’ব অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

20 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...