নীতিশ কুমাৰৰ কথাত কিয় হাঁহি ৰখাব নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে?

নীতিশৰ কথা
মোদীৰ হাঁহি
নীতিশ কুমাৰৰ কথাত কিয় হাঁহি ৰখাব নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে?

বিহাৰত নিৰ্বাচনী সভাত একেলগে মঞ্চত প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ভাষণ দিছে NDAত পুনৰ এবাৰ অন্তৰ্ভূক্ত হোৱা নীতিশ কুমাৰে। সঘনাই পাভলুটি মৰা নীতিশ কুমাৰে ভাষণৰ মাজত এনে কথা কৈ পেলালে হাঁহি ৰখাবই নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে। ১০ বছৰতে ৬ বাৰ জোঁট সলনি কৰা নীতিশ কুমাৰৰ এনে প্ৰতিশ্ৰুতি শুনি কোনেনো বাৰু হাঁহি নুঠিব। প্ৰধানমন্ত্ৰীসহ মঞ্চত থকা আনসকলেও হাঁহি ৰাখিব নোৱাৰিলে।

নীতিশ কুমাৰে প্ৰতিশ্ৰুতি দিলে ভৱিষ্যতে তেওঁ NDAতে থকিব। আন ক’লৈকো নাযায়। নীতিশ কুমাৰৰ অমৃত হেন এই বাণী আপোনাৰো চাগে বাৰে বাৰে শুনিবলৈ মন যাব।

শনিবাৰে বিহাৰৰ ঔৰংগাবাদত এখন জনসভাত অংশ লৈছিল প্ৰধানমন্ত্ৰী মোদী আৰু নীতিশ কুমাৰে। পিছে নীতিশ কুমাৰৰ কথাই হাঁহিৰ ঢৌ তুলিলে সভাত। নীতিশ কুমাৰ কথাই পূৰ্বৰ আন কিছুমান কথাও মনত পেলাই দিলে। এইজনে পূৰ্বে এনডিএ এৰাৰ সময়ত কৈছিল

মই মৰি গ’লেও মোদীৰ কাষলৈ নাযাও
এইবাৰ আকৌ ওলোটা খৰ

কথা শুনি হাঁহি ৰখাবই নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...