কেনে আছে সাংসদ বদৰুদ্দিন আজমল, কি ৰোগত আক্ৰান্ত AIUDFপ্ৰধান?

সাংসদ বদৰুদ্দিন আজমল অসুস্থ। দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে AIUDFপ্ৰধানগৰাকীয়ে। জিলা প্ৰশাসনৰ তত্বাৱধানত আছে সাংসদগৰাকী। নিশা বিভিন্ন প্ৰকাৰৰ অহাৰ গ্ৰহণ কৰাৰ বাবে শৰীৰত প্ৰভাৱ পৰাৰ সন্দেহ কৰিছে। নিশাৰ তুলনাত বৰ্তমান স্বাস্থ্য সুস্থিৰ যদিও আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে সাংসদগৰাকীয়ে। আৱৰ্ত ভৱনত সাধাৰণ লোকৰ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। অৱশ্যে খাদ্যত বিষক্ৰিয়া বা খাদ্যৰ সংক্ৰমণ নে আন কিবা সেয়া চিকিৎসকে পৰীক্ষা কৰাৰ অন্ততহে গম পোৱা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...