স্বাক্ষৰিত হ’ল বঙাইগাঁও জিলা প্রশাসন আৰু বঙাইগাঁও শােধনাগাৰৰ মাজত বুজা বুজিৰ চুক্তি

গুৱাহাটী, ২৫ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ইণ্ডিয়ান অইল কপৰেশ্যন লিমিটেড, বঙাইগাঁও শােধনাগাৰ আৰু বঙাইগাঁও জিলা প্রশাসনৰ মাজত এখন বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হয়। স্বাক্ষৰিত কৰা এই বুজা বুজিৰ চুক্তি অনুসৰি বঙাইগাঁও শােধনাগাৰে ২,৭৯,৬৬,০০০ টকা ব্যয়ৰে বঙাইগাঁও অসামৰিক হাস্পতালত এটা মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লেন্ট স্থাপন কৰিব। তদুপৰি ৩,৭৮,৮৫,০০০ টকা ব্যয়ৰে হাস্পতালখনত এটা নিউট্রিশন ৰিহেবিলিটেশ্যন চেন্টাৰ/ মাতৃ আৰু শিশু ৱার্ড স্থাপন কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই বঙাইগাঁও শােধনাগাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লােৱাৰ উপৰি এই পদক্ষেপে জিলাখনৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰিব বুলিও কয়। মুখ্যমন্ত্রী ড° শৰ্মাই মাতৃ আৰু শিশু ৱার্ড স্থাপনৰ দিশত এগৰাকী পেছাদাৰী স্থপতি নিয়ােজিত কৰাৰ পদক্ষেপ ল’বলৈ বঙাইগাঁও জিলা উপায়ুক্তক নির্দেশ দিয়ে যাতে উক্ত বিল্ডিংটোত প্রয়ােজনীয় সকলাে সা-সুবিধাৰ ব্যৱস্থা কৰিব পৰা যায়। উল্লেখ্য যে আজিৰ এই বুজাবুজিৰ চুক্তিত জিলা প্রশাসনৰ হৈ বঙাইগাঁও জিলাৰ উপায়ুক্ত এম এছ লক্ষ্মীপ্রিয়া আৰু আই অ’ চি এল, বঙাইগাঁও শােধনাগাৰ হৈ উপ-মহাপ্রবন্ধক (চি চি এণ্ড চি এছ আৰ) সীতা বৰুৱাই স্বাক্ষৰ কৰে। আজিৰ এই অনুষ্ঠানত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, বঙাইগাঁও শােধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শােধনাগাৰ মুৰব্বী সিদ্ধার্থ পি বৰুৱাৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...