মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তি নিয়মীয়াকৈ ঘূৰাই দিয়া সকলে পাব ২৫ হাজাৰ টকা

মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ MOU স্বাক্ষৰ। এগৰাকী মহিলাই ঋণ ল’ব পাৰিব ৩ বেংকৰ পৰা। ১ লাখ ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ ল’ব পাৰে ৰিজাৰ্ভ বেংকৰ গাইড লাইনৰ মতে। মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ লোৱা সকলক সকাহ দিয়া হ’ব। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিয়মীয়াকৈ ঋণ ঘূৰাই দিয়াসকলক প্ৰদান কৰিব পুৰস্কাৰ। ২৫ হাজাৰ টকাকৈ দিব চৰকাৰে। এতিয়াৰে পৰে ঘৰে ঘৰে এজেন্টে ঋণ আদায় কৰিব নোৱাৰে। ঋণ ঘূৰোৱাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব। MOUৰ স্বাক্ষৰৰ অন্তত সংবাদ মাধ্যমক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...