বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে লাভান্বিত হৈছে ৰাজ্যৰ ২৯ লক্ষাধিক ব্যক্তি

বিকশিত ভাৰত সংকল্প যাত্রা’, ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ আৰু ৰেচন কার্ড বিতৰণ প্ৰক্ৰিয়া সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জনতা ভৱন পৰিসৰৰ লোক সেৱা ভৱনৰ সভাকক্ষত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্রা’, ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ আৰু ৰেচন কার্ড বিতৰণ প্রক্রিয়া সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে তিনিখন বৈঠকত মিলিত হয়।

প্রথমখন বৈঠকত মুখ্যমন্ত্রী শৰ্মাই চৰকাৰৰ ধ্বজাবাহী আঁচনি সমূহৰ সুবিধা যাতে সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব পাৰে, তাৰ বাবে ৰূপায়ন হৈ থকা ‘বিকশিত ভাৰত সংকল্প যাত্রা’ৰ অগ্রগতি সন্দৰ্ভত বুজ লয়। মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে ১০০ শতাংশই যোগ্য হিতাধিকাৰীয়ে চৰকাৰী আঁচনি যেনে আয়ুষ্মান ভাৰত কার্ড, প্রধানমন্ত্রী উজ্জ্বলা যোজনা, কিষাণ ক্রেডিট কার্ড, আধাৰ কার্ড আদি সেৱা লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰিব বিচাৰিছে। তেওঁ লগতে কয় যে, ৯ জানুৱাৰী পর্যন্ত ৰাজ্যৰ ৩৫ খন জিলাক সামৰি ২,৩৫৮ টা কার্যসূচী ৰূপায়িত কৰা হয় আৰু ইয়াৰ জৰিয়তে ২৯,৯৪,৯৮১ গৰাকী ব্যক্তি লাভান্বিত হৈছে। এই সেৱাসমূহৰ ভিতৰত ৫,২৮,১২০ টা স্বাস্থ্য শিবিৰ সম্পন্ন হোৱাৰ লগতে ৪,১৫,৪৩৪ গৰাকী লোকক যক্ষ্মা পৰীক্ষাকৰণ, ৬৪,৩০৯ গৰাকী লোকৰ চিকল চেল এনিমিয়া পৰীক্ষাকৰণ, ৬০,২৩৭ গৰাকী লোকক আয়ুষ্মান ভাৰত কার্ড বিতৰণ, ৯৬,০৯৭ গৰাকী ‘মাই ভাৰত’ স্বেচ্ছা সেবক পঞ্জীয়ন, ৩৩,২৯৩ গৰাকী পি এম উজ্জলা যোজনা পঞ্জীয়ন সম্পন্ন কৰা হৈছে। তেওঁ জিলা আয়ুক্তসকলক এই যাত্রাক অধিক সক্রিয়তাৰে ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে যাবতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা প্রদান কৰে।

আনহাতে গ্রাম্য মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান ছ’চাইটিয়ে ৰূপায়ণ কৰিবলগীয়া আত্মসহায়ক গোটৰ সদস্যসকলক গ্রাম্য মহিলা উদ্যোগী হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে অসম কেবিনেটত অনুমোদিত ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ সন্দর্ভত মুখ্যমন্ত্রীয়ে আজি জিলা আয়ুক্তসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়। বৈঠকত তেওঁ অভিযানৰ নীতি-নির্দেশনা সম্পর্কে জিলা আয়ুক্তসকলক অৱগত কৰোৱাৰ লগতে এই অভিযান সফল কৰাৰ দিশত সকলো ধৰণৰ প্ৰয়াস চলাবলৈ নির্দেশনা প্রদান কৰে। এই অভিযানৰ অধীনত যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক অন্ততঃ এটা উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণ পুঁজি হিচাপে প্রথম পর্যায়ত দহ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰাৰে অসমৰ প্ৰতিখন জিলাত নতুনকৈ আৰম্ভ কৰিবলগীয়া ৰেচন কার্ড বিতৰণ প্রক্রিয়া সন্দর্ভত জিলা আয়ুক্তসকলৰ সৈতে তৃতীয়খন বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীয়ে ৰেচন কার্ড বিতৰণৰ প্ৰক্ৰিয়াটো নিখুঁত আৰু সময়নিৰ্দ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ বাবে নির্দেশ দিয়ে। ৰেচন কার্ড বিতৰণ আৰম্ভ হোৱাৰ দিনা ৰাজ্যৰ প্রতিটো সমষ্টিতে মন্ত্রী বিধায়কসকলে এই কার্যসূচীত অংশগ্রহণ কৰিব।

এই বৈঠকত খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব সমীৰ কুমাৰ সিনহা প্রমুখ্যে শীর্ষ বিষয়াবর্গ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী। ৪৩ বছৰৰ মূৰত...

ভূমিকম্পৰ জোকাৰণি, চৌদিশে হাহাকাৰ

পুৱতি নিশা চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। আজি...

২ভাতৃক অপহৰণ কৰি হত্যা, টংলাৰ জঘন্য কাণ্ডই কঁপাইছে অসম

টংলাৰ নিৰুদ্দিষ্ট ২ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। ডিঙি কটা অৱস্থাত...

অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ

অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ। চৰাইদেউৰ নামতোলাৰ...