৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী মোদী

৫দিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে পুনৰ বিদেশলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ অংশস্বৰূপে প্ৰথম পৰ্যায়ত নাইজেৰিয়াত বিভিন্ন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী। দেওবাৰে পুৱা নাইজেৰিয়াৰ ৰাজধানী আবুজাত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় সেই দেশৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে। প্ৰধানমন্ত্ৰী মোদীৰ এই নাইজেৰিয়া ভ্ৰমণ ঐতিহাসিকৰূপে বিবেচিত হৈছে। সুদীৰ্ঘ ১৭ বছৰৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰূপে মোদীয়ে নাইজেৰিয়াত উপস্থিত হয়। দেওবাৰে আবুজাত নাইজেৰিয়া চৰকাৰৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈছকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উল্লেখ্য যে মোদীৰ এই ভ্ৰমণক স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে নাইজেৰিয়াৰ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। দেশখনৰ দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘গ্ৰেণ্ড কমাণ্ডাৰ অব দ্য অৰ্ডাৰ অব দ্য নিগাৰ’ৰে ভূষিত কৰা হয় প্ৰধানমন্ত্ৰী মোদীক। নাইজেৰিয়াত এই সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী মোদী হৈছে দ্বিতীয়গৰাকী বিদেশী অতিথি। ইয়াৰ পূৰ্বে ১৯৬৯ত ৰাণী এলিজাবেথক প্ৰদান কৰা হৈছিল ‘GCON’ সন্মান। ইয়াৰ পিছতে আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ব্ৰাজিল ভ্ৰমণসূচী। ব্ৰাজিলত ৰিঅ’ দ্য জেনেইৰ’ত অহা ১৮ আৰু ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব G20 শীৰ্ষক সন্মিলন। এই সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতা সকলৰ লগতে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েও। ২০২৩ত G20 শীৰ্ষ সন্মিলনৰ আয়োজক দেশ আছিল ভাৰত। যোৱা বছৰৰ নৱেম্বৰত দিল্লীত অনুষ্ঠিত বৈঠকৰ অন্তত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ হাত অৰ্পন কৰা হৈছিল G20ৰ অধ্যক্ষতাৰ দায়িত্ব। এইবাৰ ব্ৰাজিলত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনত বাণিজ্য আৰু উন্নয়নৰ ক্ষেত্ৰত আন্তঃদেশীয় সহযোগিতা বৃদ্ধিৰ লগতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিস্থিতিক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

ব্ৰাজিল ভ্ৰমণৰ পিছতে গুৱানাত উপস্থিত হ’ব মোদী। ১৯ৰ পৰা ২১ নৱেম্বৰলৈ গুৱানা ভ্ৰমণ কৰিব মোদীয়ে। ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ আমন্ত্ৰণক্ৰমে গুৱানালৈ মোদী। ৫০বছৰৰ মূৰত গুৱানা ভ্ৰমণ কৰিব প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে। গুৱানাত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। বিভিন্ন বাণিজ্য সন্মিলনৰ লগতে গুৱানাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে উভয় দেশৰ চৰকাৰে। এই ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কেৰিবিয়ান দেশসমূহৰ নেতৃত্বৰ সৈতেও বিশেষ বৈঠকত মিলিত হ’ব। ইয়াৰোপৰি গুৱানাত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও বাৰ্তালাপ কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে ৫ দশকৰ মূৰত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ৰূপে মোদীয়ে এই গুৱানা ভ্ৰমণসূচী হাতত লয়। এই ভ্ৰমণ সূচীৰ অংশৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱানাৰ সংসদত ভাষণ দিয়াৰ লগতে ১৮৫ বছৰ পূৰ্বে ভাৰতৰ পৰা গুৱানাত উপস্থিত হৈ বসতি আৰম্ভ কৰা ভাৰতীয় লোকসকলকো শ্ৰদ্ধা জনাব।

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...