২৮ এপ্ৰিলত অসমলৈ আহি আছে মোদী, লৰিংথেপিত অন্তহীন ব্যস্ততা

মাজত গোটাচেৰেক দিন। ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ লৰিংথেপিত উপস্থিত হ’বহি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ইতিমধ্যে যুদ্ধকালীন গতিৰে নিৰ্মাণকাৰ্য চলি আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলীত। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু টীম কাৰ্বি আংলঙে দিনে-নিশাই সভাস্থলী নিৰ্মাণকাৰ্য তদাৰক কৰি থকাৰ লগতে শুকুৰবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কদ্বয় দৰছিং ৰংহাং আৰু বিদ্যাছিং ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্যবৃন্দ আৰু বিভাগীয় মুৰব্বী বিষয়াসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...