নোবেল শান্তি বঁটাৰ বাবে ট্ৰাম্পক সমৰ্থন নজনালে মোদীয়ে! অনুৰোধ প্ৰত্যাখ্যান কৰাত ক্ষুব্ধ হৈ ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে ৫০% শুল্ক

আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নোবেল শান্তি বঁটাৰ সমৰ্থন বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰিছিল! কিন্তু মোদীয়ে তেওঁৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰাত ক্ষুব্ধ হৈ আমেৰিকাই ভাৰতৰ পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে।

আমেৰিকাৰ দৈনিক বাতৰি কাকত ‘দ্য নিউ ইয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি, ট্ৰাম্পৰ এই ক্ষোভৰ কাৰণ হৈছে ভাৰতৰ পৰা নোবেল শান্তি বঁটাৰ সমৰ্থন নোপোৱা। প্ৰতিবেদনত কোৱা হৈছে যে, ১৭ জুনত ট্ৰাম্পে মোদীক ফোন কৰি দাবী কৰিছিল যে, তেওঁ নিজেই ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধৰ দৰে পৰিস্থিতিৰ ‘সমাধান’ কৰিছে। তেওঁৰ মতে, এই কাৰণে পাকিস্তানে তেওঁক নোবেল শান্তি বঁটাৰ বাবে মনোনীত কৰিছে, আৰু ভাৰতেও তেনেকুৱা কৰা উচিত। কিন্তু মোদীয়ে এই দাবী নাকচ কৰি কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি দুয়োখন দেশৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তেহে সম্ভৱ হৈছে। প্ৰতিবেদন অনুসৰি, ৩৫ মিনিটৰ সেই ফোনালাপৰ পিছত দুয়ো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মাজত আৰু কোনো কথা-বতৰা হোৱা নাই।

বাতৰি সংস্থা PTIয়েও ‘দ্য নিউ ইয়ৰ্ক টাইমছ’ক উদ্ধৃত কৰি জনাইছে যে, ‘বছৰৰ শেষৰ ফালে ক’ৱাড শীৰ্ষ সন্মিলনৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ কোনো পৰিকল্পনা নাই।’ এই ভ্ৰমণ বাতিলৰ পিছতো মূলতঃ এই ফোনালাপৰ ভূমিকা আছে। তথাপি, আমেৰিকাৰ এই দৈনিকৰ প্ৰতিবেদনত এই দাবী কৰা হ’লেও ভাৰত বা আমেৰিকাৰ পক্ষৰ পৰা এই বিষয়ে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই।

নোবেল শান্তি বঁটা আৰু ট্ৰাম্পক লৈ যেতিয়া বিশ্বজুৰি চৰ্চা চলি আছে, তেতিয়া ‘ফক্স’ সংবাদ মাধ্যমত ফ্ল’ৰিডা হাউছৰ ৰিপাব্লিকান প্ৰতিনিধি আন্না পউলিনা লুনাই মন্তব্য কৰিছে, “ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাত ‘মুখ্য ভূমিকা’ৰ বাবে ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে নোবেল শান্তি বঁটাৰ মনোনয়ন লাভ কৰিব পাৰে।” এই মন্তব্যইও নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...