ক’ভিড সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতা

পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতা। কেইবাগৰাকী প্ৰতিযোগীৰ লগতে আয়োজক কমিটীৰ কেইবাজনো সদস্য ক’ভিডত আক্ৰান্ত হোৱাত কৰ্তৃপক্ষই পিছুৱাই দিয়ে এই সুন্দৰী প্ৰতিযোগিতা। পুৱেৰ্ট’ ৰিকোত ১৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আছিল মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড।

আয়োজক সমিতিৰ লগতে প্ৰতিযোগীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হয় এই প্ৰতিযোগিতা। প্ৰতিযোগী আৰু আয়োজককে ধৰি মুঠ ১৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত আছে ভাৰতীয় প্ৰতিযোগী মনসা বাৰানসী। মনসাই ২০২০ চনত মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...