গুৱাহাটীত প্রাণঘাতী জলব’ৰ্ড

ৰাজপথত মৃত্যুদূতৰূপী মেনহ’ল

গাঁতত পৰি পুনৰ এজনৰ মৃত্যু

এক শিহৰণকাৰী পথ দুৰ্ঘটনা। এ চি গাড়ীত বহি অহা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ চকুত নপৰে গণেশগুৰি-হেঙেৰাবাৰী পথৰ দুৰৱস্থা। আৰু এই DC অফিচৰ পৰা মাত্র ১০০ মিটাৰ দূৰত্বত ঘটিল এই শিহৰণকাৰী ঘটনাটো। চাওক এই CCTV ভিজুৱেল। নিশা তেতিয়া প্ৰায় চাৰে ৯ বাজিছিল। কৰ্তব্যস্থলীৰ পৰা গণেশগুৰিৰৰ পৰা হেঙেৰাবাৰী অভিমুখে অহা স্কুটীসহ এজন যুৱক পৰিল জলব’ৰ্ডে খান্দি থোৱা মৰণফান্দত ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ লাগিল হাউছিং ক’লনীৰ সমীপত।

গুৱাহাটীৰ ৰাজপথৰ মাজত, কি পাৰত জ’ধে-ম’ধে প্রশাসনে খান্দি থোৱা পথত পুনৰ পৰিল এজন। ভুক্তভোগীৰ মৃত্যুৰ পাছতে প্ৰতিক্ৰিয়া অঞ্চলত।

নিহত মণ্টু ডেকা খ্ৰীষ্টানবস্তিৰ ইলেকট্ৰ’চিটীৰ কৰ্মচাৰী
পেনাছ’নিক কোম্পানীৰ ছেলছমেন আছিল মণ্টু ডেকা

৩২ বছৰীয়া সুঠাম দেহৰ নিহত এই যুৱকজনৰ ঘৰ হেঙেৰাবাৰীৰ লিচুবাগানত। ঘৰৰ একমাত্র উপাৰ্জনকাৰী মণ্টু আজি নাই। ঘৰত পত্নী, সন্তান, মাতৃয়ে আজি কান্দিছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মণ্টু ডেকাক ভৰ্তি কৰোৱা হৈছিল সমীপৰ দিছপুৰ পলিক্লিনিকত। কিন্তু প্রশাসন, জলব’ৰ্ডৰ বাবেই প্রাণ গ’ল মণ্টু ডেকাৰ।

নিশাটোৰ ভিতৰতে দেমকেয়াৰ প্রশাসন কিম্বা ঠিকাদাৰে পুতি পেলালে ৰাজপথৰ মাজৰ গাঁত। যেন এতিয়া ফুঁ মাৰি ভাত খাব পৰা অৱস্থা এই পথছোৱাত।

গুৱাহাটীত আৰু কিমানৰ মৃত্যু হ’ব গাঁতত পৰি?

উন্নয়নৰ নামত আৰু কিমানে হেৰুৱাব জীৱন?

জলব’ৰ্ডৰ কাণ্ডজ্ঞানহীনতা, সৌ সিদিনা গণেশগুৰিৰ সমীপত ৰাজপথৰ মাজত গাঁতত পৰিয়েই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল স্কুলীয়া ছাত্ৰী প্রিয়া কুমাৰীৰ। প্ৰিয়া কুমাৰীৰ দুখ-বেদনা দূৰ নৌহওঁতেই পুনৰ এইখন মহানগৰীতে মণ্টু ডেকাৰ আকস্মিক মৃত্যুৰ খবৰে পুনৰ এবাৰ হ’লেও চিন্তা কৰিবলৈ বাধ্য কৰালে গুৱাহাটীবাসীক।

NKTV Digital
Author: NKTV Digital

6 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...