গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ একাধিক শাখা বিভাগ ক্ৰমে- অম্ৰুট, অসম নগৰীয়া পানীযোগান আৰু পয় প্ৰণালী পৰিষদ (AUWSSB), প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া) তথা বিভাগৰ কাৰিকৰী শাখাৰ সৈতে এক বিশেষ পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। বিভাগীয় পৰ্যালোচনাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পন্থাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ জৰিয়তে নতুনকৈ প্ৰস্তুত কৰা ইউনিফাইড পৰ্টেল ব্যৱহাৰ কৰি এই বৈঠক অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে ডিজিটেল ৰূপান্তৰ আৰু কাগজবিহীন প্ৰশাসনৰ ক্ষেত্ৰত থকা ৰাজ্যখনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি আজি পোনপ্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভাগীয় পৰ্যালোচনা সম্পূৰ্ণৰূপে অনলাইনত সম্পন্ন কৰা হয়। দিছপুৰৰ জনতা ভৱনত থকা মন্ত্ৰী সিংহলৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, শাখা বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল আৰু নতুন পৰ্টেল প্ৰস্তুতিৰ আঁৰৰ ডেভেলপাৰসকলে অংশগ্ৰহণ কৰে।

আজিৰ এই পৰ্যালোচনাত মন্ত্ৰী সিংহলে সকলো শাখা বিভাগৰ মূৰব্বী আৰু পৰ্টেল ডেভেলপাৰক পৰ্টেলত প্ৰকল্প তথা আঁচনিসমূহৰ সম্পূৰ্ণ শেহতীয়া তথ্য আপলোড কৰাটো নিশ্চিত কৰিবলৈ স্পষ্ট নিৰ্দেশনা প্ৰদান কৰে। বিভাগটোৰ সমগ্ৰ কাম-কাজত স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি কৰাৰ স্বাৰ্থত তেওঁ ক্ষেত্ৰ বিষয়াসকলক প্ৰত্যক্ষভাৱে পৰ্টেলত তথ্য, ফটোগ্ৰাফ, অগ্ৰগতিৰ খতিয়ান আদি আপলোড কৰাৰ সুবিধা প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা এই একীকৃত পৰ্টেলতে সকলো বিভাগীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ’ব। এই পৰিৱৰ্তনে বিভাগীয় কাম-কাজ সুশৃংখলিত কৰাৰ লগতে কাগজৰ ব্যৱহাৰ হ্ৰাস কৰিব তথা বিভাগটোত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতাও উন্নত কৰিব বুলি আশা কৰা হৈছে।

Popular

More like this
Related

হিমাচলত চলি থকা আই ডব্লিউ এল এফ প্ৰতিযোগিতাত অভিনৱৰ ৰূপ-ইছাংফাৰ ব্ৰঞ্জ অৰ্জন

শাৰদীয় দূৰ্গা পূজাৰ মহাষষ্ঠীৰ দিনাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আনন্দৰ খবৰ৷...

গুৱাহাটী নহয় যেন অপৰাধীৰ নগৰীহে! নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ যুৱতীক

গুৱাহাটীৰ লজত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত...

কাইলৈ ষষ্ঠী, ব্যস্ততাৰ অন্ত নাই কাৰোৰে

অসূয়া অপ্ৰীতি, অপায় অমংগল বিনাশৰ কামনাৰে দেৱী দুৰ্গাৰ আৰাধনাৰ...

মাকৰ বুকুৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিলে দেৱশিশু

এটি দেৱশিশুৰ মৃত্যুৱে জোকাৰিছে নগৰবেৰা। মাকৰ বুকুৰ পৰাই নাইকীয়া...