প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য মন্ত্ৰী পীযুষ হাজৰীকাৰ

প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আজি মন্ত্ৰী পীযুষ হাজৰীকাই এক লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ সৈতে হোৱা আলোচনা মৰ্মে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ব্যক্তিগতভাৱে এই সাহায্য আগবঢ়ায় প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পত্নী জোনটি বৰাক। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক এই বদন্যতাৰ বাবে প্ৰয়াত সাংবাদিকগৰাকীৰ পত্নী জোনটি বৰাই ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পূৰ্বজ্যোতি চুতীয়াৰ ২০২১ চনত ৫২ বছৰ বয়সত গুৱাহাটীত অসুস্থ হৈ আকস্মিক মৃত্যু ঘটে। ৰাজ্যখনৰ কেইবাটাও আগশাৰী সংবাদগোষ্ঠীৰ সৈতে জড়িত আছিল। আজি, দৈনিক বাতৰি কাকত, আমাৰ অসম, জনসাধাৰণ, নিয়মীয়া বাৰ্তা আদি কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰিছিল প্ৰয়াত চুতীয়াই। মৃত্যুৰ সময়লৈকে তেওঁ নিয়মীয়া বাৰ্তা কাকতত নিউজ এডিটৰ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে জ্যেষ্ঠ সাংবাদিক চুতীয়া জনসাধাৰণ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...