ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাৰ

চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে পোৱাটো সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াক আঁচনিসমূহ জনমানসত বহুল প্ৰচাৰ কৰাৰ আহ্বান মন্ত্ৰী হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী আৰু ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি ওদালগুৰি জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ পৰ্যালোচনা সভা সম্বোধন কৰে । সভাখনত মন্ত্ৰীগৰাকীয়ে সাংসদ দিলীপ শইকীয়া, বি টি আৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু কেইবাজনো জন প্ৰতিনিধিৰ উপস্থিতিত জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বী বিষয়াসকলৰপৰা জিলাখনৰ উন্নয়নমূলক কামসমূহৰ পৰ্যালোচনা কৰে । ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত চৰকাৰী কাৰ্যসূচীৰে আজি প্ৰথমবাৰলৈ জিলাখন ভ্ৰমণ কৰা মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা বৈঠকখনত মূলত: কৃষি, লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ কামসমূহ পৰ্যালোচনা কৰে । জিলা কৃষি বিষয়াৰ পৰা জিলাখনৰ কৃষি ক্ষেত্ৰখনৰ সবিশেষ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত সাৱধান হ’বলৈ বিভাগীয় বিষয়াক আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সঠিক কাৰ্যকৰী হ’লে মাথো কৃষি বিভাগে প্ৰতিটো বিধানসভা সমষ্টিত বছৰি ৭০০০ পৰ্যন্ত হিতাধিকাৰীক সহায় আগবঢ়াব পাৰে । কিন্তু বহুসময়ত যোগ্য ব্যক্তিসকলে আঁচনিৰ বিষয়ে অৱগত নোহোৱাৰ বাবে কেতিয়াবা হিতাধিকাৰীৰ সংখ্যা হ্ৰাস পায় আৰু কেতিয়াবা যোগ্য হিতাধিকাৰী বঞ্চিত হয় । এই ক্ষেত্ৰত বিভাগীয় বিষয়াক চৰকাৰী আঁচনিসমূহৰ বিষয়ে উপযুক্ত মঞ্চত জনসাধাৰণক অৱগত কৰিবলৈ আৰু এই ক্ষেত্ৰত জনপ্ৰতিনিধিসকলৰ সহায় ল’বলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত আজি উপস্থিত থকা জন প্ৰতিনিধিসকলকো আগবাঢ়ি আহিবলৈ আহ্বান জনায় । আনহাতে চৰকাৰৰ ‘এক জিলা এক কৃষি’ৰ অধীনত ওদালগুৰি জিলাত এই বৰ্ষ আলু খেতি কৰা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে কৃষকক বীজ আৰু আন প্ৰয়োজনীয় সহায় সময়মতে আগবঢ়াবলৈ বিভাগীয় বিষয়াক নিৰ্দেশনা প্ৰদান কৰে ।

লোকনিৰ্মাণ বিভাগৰ অধীনত জিলাখনত নিৰ্মীয়মান ৰাস্তা-দলং আৰু বিদ্যালয় আদি প্ৰতিষ্ঠানৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দ্ধাৰিত সময়ত কামসমূহ সম্পূৰ্ণ নকৰিলে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে প্ৰয়োজনসাপেক্ষে কঠোৰ হ’বলৈও বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে । আজিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদকে ধৰি আন কেইবাটাও বিভাগৰ কামসমূহৰ অগ্ৰগতিৰ থূলমূল আভাস লয় । অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰতি মাহত কমেও এবাৰকৈ জিলাখন ভ্ৰমণ কৰি চৰকাৰৰ উন্নয়নমূলক কামৰ পৰ্যালোচনা কৰিব বুলি মন্তব্য কৰি সকলোকে আন্তৰিকতাৰে নিজৰ দায়িত্বসমূহ পালন কৰি যাবলৈ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...