অনিল নগৰত ভৰলুৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

পৰিদৰ্শন কৰিলে জোনালীত ভৰলু নদীৰ পাৰৰ বেদখল কৰা অঞ্চলো

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক লগত লৈ গুৱাহাটীৰ অনিল নগৰত উপস্থিত হয় আৰু ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। লগতে তেওঁ অনিল নগৰ তথা ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী বাছ আস্থানৰ সমীপত ভৰলু নদীৰ দুয়োপাৰৰ বহু অংশ পৰিদৰ্শন কৰি অঞ্চলটোত হোৱা নদীখনৰ বেদখলকাৰ্যও প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে, মহানগৰীৰ অনিল নগৰত সম্প্ৰতি উন্নত প্ৰযুক্তিৰে ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্য চলি আছে। নিৰ্মাণস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আজি নিৰ্মাণকাৰ্য নিখুঁত আৰু খৰতকীয়া কৰাৰ বাবে কৰ্তব্যত নিয়োজিত ঠিকাদাৰক নিৰ্দেশ দিয়ে।‌আনহাতে ভৰলু নদীৰ পাৰ দখল কৰি হোৱা অবৈধ নিৰ্মাণকাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত অচিৰেই এনে বেদখল উচ্ছেদৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে। অঞ্চলটোৰ নৈপৰীয়া পথৰ কিছু অংশ অতিশয় সংকুচিত হৈ পৰা প্ৰত্যক্ষ কৰি এনে অংশসমূহ প্ৰয়োজনীয়ভাৱে বহল কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। এই এলেকাসমূহ ভ্ৰমণ কৰি সংশ্লিষ্ট সমগ্ৰ বিষয়সমূহৰ পুংখানুপুংখভাৱে বুজ লোৱাৰ বাবে চক্ৰ বিষয়া আৰু পৌৰ নিগমৰ বিষয়ববীয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ...

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম'হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম'হৰ...