যোৰহাটত “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি যোৰহাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত “মোৰ মাটি মোৰ দেশ” অভিযানৰ জিলাভিত্তিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত জিলাখনৰ চাৰিওখন পৌৰ নিকায় যোৰহাট, মৰিয়নি, তিতাবৰ আৰু টীয়ক পৌৰসভাৰ এলেকাৰ পৰা সংগৃহীত মাটি সংমিশ্ৰণ কৰা হয়। এই মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব আৰু ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ মাটিৰ সৈতে একত্ৰিত হৈ দেশৰ বীৰ শ্বহীদসকলৰ সন্মানাৰ্থে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধৰ সমীপত নিৰ্মাণ কৰা অমৃত বাটিকাক সমৃদ্ধ কৰি তুলিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা অমৰ শ্বহীদসকলৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ মানসেৰে দেশৰ দূৰদৰ্শী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই কাৰ্যসূচীয়ে আমাক নিজৰ চহকী ঐতিহ্য, ইতিহাস আৰু পৰম্পৰাক লৈ গৌৰৱ কৰাৰ সুযোগ প্ৰদান কৰিছে। নিজৰ ভাষণত তেওঁ মোৰ মাটি মোৰ দেশ কাৰ্যসূচীত গ্ৰহণ কৰা পঞ্চপণ বা পঞ্চ সংকল্পৰ তাৎপৰ্য ব্যাখ্যা কৰে। আত্মবিশ্বাস থাকিলেহে আত্মনিৰ্ভৰশীল হ’ব পাৰিম বুলি মন্তব্য কৰি তেওঁ কয় যে আজিৰ ভাৰতে বিশ্বক আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বগুৰু হ’বলৈ আগবঢ়া আমাৰ দেশে অহা ২৫ বছৰৰ ভিতৰত সকলো দিশতে বিশ্বক মাৰ্গ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তাৰে মন্তব্য কৰে।

উল্লেখযোগ্য যে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ অংশস্বৰূপে অসমতো ব্যাপক আৰু সাৰ্বজনীন ৰূপত ‘অমৃত কলহ যাত্রা’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট জিলাতো এই কাৰ্যসূচীয়ে সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰে। ৰাইজে তামোল-পাণ, শৰাই-গামোচা, আমগছৰ পাতেৰে অমৃত কলহ যাত্ৰাক আদৰণি জনায়, নিজৰ চৌহদৰ পৱিত্ৰ ভূমি দান কৰে আৰু এই কাৰ্যসূচীক এক জনতাৰ আন্দোলনলৈ ৰূপান্তৰিত কৰে। যোৰহাট জিলাৰ চাৰিখন পৌৰসভা ক্ৰমে যোৰহাট, মৰিয়নি, তিতাবৰ আৰু টীয়কৰ ৪৯ টা ৱাৰ্ডৰ মুঠ ৩১৩৭৩ গৰাকী বাসিন্দাৰ ঘৰৰ পৰা পৱিত্ৰ ভূমি সংগ্ৰহ কৰা হয়। এই যাত্ৰাৰ অন্তত সংগৃহীত মাটিসমূহ সংমিশ্ৰণ কৰাৰ উদ্দেশ্যে আজিৰ এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

আজিৰ এই অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচা, তপন কুমাৰ গগৈ, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মী, ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, চাৰিওখন পৌৰসভাৰ পৌৰপতি আৰু বিষয়-ববীয়াসকল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তৰ লগতে প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...