মিছা বাতৰি প্ৰচাৰ কৰা ইউটিউব চেনেল হ’ব নিষিদ্ধ, দেশবিৰোধী চেনেলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব চৰকাৰে

ভাৰত বিৰোধী সমল বিয়পোৱা আৰু ষড়যন্ত্ৰ কৰা ৱেবছাইট আৰু চেনেলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সদৰি কৰিছে এই কথা। ইয়াৰ পূৰ্বে ২০টা ইউ টিউব চেনেল আৰু ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি আৰু উৰাবাতৰি বিয়পোৱা দুটা ৱেবছাইট বন্ধ কৰি দিয়া হৈছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে পুনৰ এবাৰ সতৰ্ক কৰি দিছে যে দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকলৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা অব্যাহত থাকিব।

মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকা ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰি দিছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে যোৱা বছৰ ডিচেম্বৰত চোৰাংচোৱা সংস্থাৰ সৈতে ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কাৰণ ইয়াৰ জৰিয়তে ভাৰত বিৰোধী প্ৰচাৰ আৰু ভুৱা বাতৰি প্ৰচাৰ কৰি আছিল।

মন্ত্ৰালয়ে ডিচেম্বৰ মাহত এক বিবৃতিত কৈছিল, “এই ২০টা ইউটিউব চেনেল আৰু ৱেবছাইট পাকিস্তানৰ পৰা চলি থকা এটা নেটৱৰ্কৰ অন্তৰ্গত আৰু ভাৰতৰ সৈতে সম্পৰ্কিত বিভিন্ন সংবেদনশীল বিষয়ৰ ওপৰত ভুৱা বাতৰি প্ৰচাৰ কৰি আছিল।” এই ৱেবছাইট আৰু চেনেলবোৰে কাশ্মীৰ, ভাৰতীয় সেনা, জেনেৰেল বিপিন ৰাৱট, ৰাম মন্দিৰ আৰু ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিষয়ে ভুৱা বাতৰি চলাই আছিল। কেন্দ্ৰীয় চৰকাৰে এই চেনেলসমূহৰ এখন তালিকাও প্ৰকাশ কৰিছিল। চৰকাৰে নিষিদ্ধ কৰি ২০টা ইউ টিউব চেনেলৰ তালিকাঃ-
Punjab Viral
Cover Story
The Punch Line
InternationalWeb News
Khalsa TV
The Naked Truth
News24
48 News
Fictional
Historical Facts
Go Global eCommerce
Junaid Haleem Official
Tayyab Hanif
Zain Ali Official
Mohsin Rajput Official
Kaneez Fatima
Sadaf Durrani
Mian Imran Ahmad
Najam Ul Hassan Bajwa
Naya Pakistan Global

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...