মেধাৰ ভিত্তিত নিযুক্তি হোৱাৰ ফলত যুৱ মানসিকতাৰ পৰিৱৰ্তন সাধন হৈছে: মুখ্যমন্ত্রী

বিত্ত, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনত গুৰুত্বপূৰ্ণ আঁচনি গোলাঘাটত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

অসমত আমি নৱ নিৰ্মাণৰ নতুন প্রচেষ্টা হাতত লৈছোঁ: মুখ্যমন্ত্রী

গোলাঘাট সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু কর্কট চিকিৎসালয় প্রকল্পৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

গোলাঘাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ নিৰ্মাণৰ কাম ২০২৬ চনত সম্পূর্ণ হৈ উঠিব: মুখ্যমন্ত্রী

ৰাজ্যখনৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ কল্যাণক অগ্রাধিকাৰ প্ৰদান কৰি ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰৰ পৰা ‘বিকাশৰ ১২ দিন’ নামেৰে আৰম্ভ কৰা অবিৰত যাত্ৰাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গোলাঘাটত অসম মাইক্রফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ তৃতীয়বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীক দেয়ক বিহীন (ন’ ডিউজ) প্রমাণপত্র, ২০২৪ বৰ্ষৰ বানপানীত ক্ষতিগ্রস্ত হিতাধিকাৰীলৈ ডিবিটি যোগে পোনপটীয়া সাহায্য আৰু ‘প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনি’ ৰ অধীনত আত্ম-সহায়ক গোটলৈ প্ৰাৰম্ভিক মূলধন প্রদান কৰে।

মুখ্যমন্ত্রীয়ে বিত্ত বিভাগৰ দ্বাৰা ৰূপায়িত অসম মাইক্রফাইনেন্স উদগণি আৰু সকাহ আঁচনিখনৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ ৰূপায়িত আঁচনিখনৰ জৰিয়তে গোলাঘাট জিলাত ৫,১১৯ গৰাকী ঋণ গ্রহণকাৰী মহিলাক মাইক্র ‘ফাইনেন্স ঋণৰ পৰা দেয়ক বিহীন প্রমাণপত্র আনুষ্ঠানিকভাবে প্রদান প্রক্রিয়া শুভাৰম্ভ কৰে। ইয়াৰে ১,১৪৬ গোলাঘাট সমষ্টিৰ, ৮২০ গৰাকী মহিলা বোকাখাত সমষ্টিৰ ৮৭৯ গৰাকী মহিলা ডেৰগাঁও সমষ্টিৰ, ৪৪১ গৰাকী মহিলা খুমটাই সমষ্টিৰ আৰু ১,৮৩৩ গৰাকী মহিলা সৰুপথাৰ সমষ্টিৰ। আনহাতে গোলাঘাট জিলাত বানে ক্ষতিগ্রস্ত কৰা মুঠ ২,০১১ টা পৰিয়ালক আজি মুখ্যমন্ত্ৰীয়ে সাহায্যৰ ধনৰাশি প্রদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...