ডিব্ৰুগড় লাহোৱালৰ চেঁচা দলঙত অঘটন

ডিব্ৰুগড় লাহোৱালৰ চেঁচা দলঙত কাহিলি পুৱাতে অঘটন। নৈত পৰি এজন যুৱকৰ মৃত্যু, ৪জনক জীৱন্তে উদ্ধাৰ। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা নৈত পৰে এখন মাৰুতি গাড়ী। স্থানীয় লোকৰ তৎপৰতাত ৪জনক উদ্ধাৰ। গুৰুতৰভাৱে আহত ৪জনক AMCHলৈ প্ৰেৰণ। দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ আছিল এজন যুৱক। SDRF, আৰক্ষী, স্থানীয় লোকৰ অভিযানত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। মৃত যুৱকজন ঈশান গগৈ বুলি চিনাক্ত। টেঙাখাটৰ তামুলীখাটৰ পৰা কইনা থ’বলৈ আহি ঘূৰি গৈছিল গাড়ীখন। লাহোৱালৰ পৰা টেঙাখাট অভিমুখী পথত এই অঘটন। AMCHত ভৰ্তি অখিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ আৰু বিপ্লৱ গগৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...