ডায়েট ডিব্ৰুগড়ত প্ৰথম বাৰ্ষিক আন্তঃজিলা কুইজ প্ৰতিযোগিতা সম্পন্ন

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET), ডিব্ৰুগড়ৰ উদ্যোগত শুক্ৰবাৰে প্ৰথম বাৰ্ষিক আন্তঃজিলা কুইজ প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা হয়। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মুকলি থকা এই প্ৰতিযোগিতাখনত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ ২৬ টা দলে অংশগ্ৰহণ কৰে|

প্ৰাৰম্ভিক ৰাউণ্ডৰ সহায়ত মূল প্ৰতিযোগিতালৈ সৰ্বমুঠ ৬টা দল নিৰ্বাচিত হয়| ধাৰাবাহিক ৬ টা ৰাউণ্ডৰ তীব্ৰ প্ৰতিযোগিতাৰ অন্তত চাচনি পূৰ্বাঞ্চল কাৰিকৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিহাৰিকা বৰা আৰু শ্যামলিমা বসুমতাৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়| দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ছল্টব্ৰুক একাডেমিৰ গীতাৰ্থ প্ৰতীম ভূঞা আৰু অনুৰণ দত্ত আৰু চাচনি পূৰ্বাঞ্চল কাৰিকৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰাধনা গগৈ আৰু অভিষেক দত্তই|

বিজয়ীসকলক তেওঁলোকৰ কৃতিত্বক স্বীকৃতি দিবলৈ ট্ৰফী, নগদ ধন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। পুৰস্কাৰপ্ৰাপ্ত চাচনি পূৰ্বাঞ্চল কাৰিকৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিক সাবিত্ৰী হাজৰিকা সোঁৱৰণী চলন্ত ট্ৰফী (দাতা- হেমচন্দ্ৰ হাজৰিকা, মুখ্য সহায়ক, ডায়েট, ডিব্ৰুগড়), নগদ পাঁচ হাজাৰ টকা (দাতা- হেমন্ত কুমাৰ দত্ত, জ্যেষ্ঠ প্ৰবক্তা, ডায়েট, ডিব্ৰুগড়) আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়| দ্বিতীয় স্থানপ্ৰাপ্ত ছল্টব্ৰুক একাডেমিৰ দলটিক সুৰমা দাস সোঁৱৰণী ট্ৰফী, প্ৰমাণপত্ৰ আৰু নগদ চাৰি হাজাৰ টকা (দাতা- সৰল কুমাৰ দাস, প্ৰবক্তা, ডায়েট, ডিব্ৰুগড়) আৰু তৃতীয় স্থান স্থানপ্ৰাপ্ত দলটিক সঞ্জীৱ কুমাৰ বৰদলৈ সোঁৱৰণী ট্ৰফী, প্ৰমাণপত্ৰ আৰু নগদ তিনি হাজাৰ টকা (দাতা-দেৱজিত্‍ কুমাৰ বৰদলৈ, জ্যেষ্ঠ প্ৰবক্তা, ডায়েট, ডিব্ৰুগড়) প্ৰদান কৰা হয়| চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান প্ৰাপ্ত দল তিনিটিকো এহাজাৰ টকা আৰু প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হয়| দাতা প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী প্লাবন জ্যোতি মহন্ত আৰু শিৱানু চুতীয়া|

বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি চাবুৱাস্থিত ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰাই সকলো দলৰ প্ৰচেষ্টাক শলাগ লৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াত এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰা সম্পৰ্কে গুৰুত্ব আৰোপ কৰে। প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্য, জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাস, দেৱজিত্‍ কুমাৰ বৰদলৈও বিজয়ীসকলৰ প্ৰতি শুভেচ্ছামূলক বাৰ্তা আগবঢ়ায়|

প্ৰতিযোগিতাখনক বিশেষভাৱে সফল কৰি তোলাৰ বাবে আয়োজক সমিতিৰ সম্পাদকদ্বয় ক্ৰমে প্ৰবক্তা স্বৰাজ ফুকন আৰু প্ৰবক্তা ৰঞ্জন বৰাই অংশগ্ৰহণকাৰী বিদ্যালয়, প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভা আৰু উপস্থিত দৰ্শক, অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...