তিনিচুকীয়াত বিয়াঘৰত অগ্নিকাণ্ড

বিয়াৰ আগদিনা দৰাঘৰত লাগিল জুই। হুৱাদুৱা লাগিল। তিনিচুকীয়াৰ আইন মহাবিদ্যালয় সমীপত ঘটিল এই ঘটনা। জুই নিৰ্বাপনৰ চেষ্টা চলালে ওচৰ চুবুৰীয়াই। অগ্নিনিৰ্বাপনৰ বাহিনী আহি জুই নিৰ্বাপন কৰাৰ লগতে উদ্ধাৰ কৰে আহতসকলক।

আহতসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তিৰ পাছতে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ। বৰ্তমান সংকতজনক অৱস্থাত AMCHত চিকিৎসাধীন হৈ থকা ৩ গৰাকীৰ আৱস্থা অতি সংকতজনক

আহতসকল ৰেখা দেৱী, মঞ্জু দেৱী, কাৰ্তিক প্ৰসাদ, ৰীণা প্ৰসাদ, ঋষি প্ৰসাদ, শুভ শ্বাহ আৰু‌ পুনম দেৱী। কোঠাৰ ভিতৰতে আৱদ্ধ হৈ অগ্নিদগ্ধ হ’ল কেউগৰাকী। ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় জিলা আযুক্তই। অগ্নিকাণ্ডক লৈ এক তদন্তও ঘোষণা কৰে DC স্বপ্নীল পালে।

প্ৰাথমিকভাৱে শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি একাংশই ধাৰণা কৰিছে। কিন্তু অগ্নকাণ্ডৰ মাজত হোৱা এক বিস্ফোৰণক লৈ সৃষ্টি হৈছে ৰহস্যৰ। বিয়াৰ বাবে ঘৰখনত আলহীৰো সমাৱেশ লৈছিল। কিন্তু উদুলি–মুদুলি হৈ থকা ঘৰখনলৈ নামি আহিলে হৃদয়বিদাৰক পৰিৱেশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...