উৎসৱৰ বতৰত ‘মেগা উপহাৰ’… বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা!

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। উৎসৱৰ বতৰত বেতন বৃদ্ধিৰ সম্ভাৱনা আছে। সূত্ৰৰ খবৰ অনুসৰি, অক্টোবৰৰ প্ৰথম সপ্তাহত নৰেন্দ্ৰ মোদী চৰকাৰে মহাৰ্ঘ ভাত্তা (ডিয়াৰনেছ এলাউঞ্চ বা DA) ঘোষণা কৰিব। ইয়াৰ ফলত বেতন তিনি শতাংশলৈকে বাঢ়িব পাৰে। সেইক্ষেত্ৰত দীপাৱলীৰ আগত কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত ১.২ কোটিতকৈ অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগী উপকৃত হ’ব।

বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীসকলে ৫৫ শতাংশ হাৰত DA পাইছে। অক্টোবৰত আৰু তিনি শতাংশ ঘোষণা হ’লে মহাৰ্ঘ ভাত্তাৰ পৰিমাণ বাঢ়ি ৫৮ শতাংশ হ’ব। এই বৃদ্ধি চলিত বছৰৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাৰ কথা। ফলত তিনিমাহৰ বাকী থকা DA কৰ্মচাৰীসকলে অক্টোবৰৰ বেতনৰ সৈতে পাব। পেঞ্চনৰ ক্ষেত্ৰতো একেটা নিয়ম প্ৰযোজ্য হ’ব বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সাধাৰণতে বছৰত দুবাৰ মহাৰ্ঘ ভাত্তা পায়। যোৱা বছৰ ১৬ অক্টোবৰত দ্বিতীয়বাৰৰ বাবে DA ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এইবাৰ ২০-২১ অক্টোবৰত দেশজুৰি দীপাৱলী পালন কৰা হ’ব। ঠিক তাৰ আগতে কৰ্মচাৰীসকলক তেওঁ সুখবৰ দিব বুলি সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে।

বৰ্তমান সপ্তম বেতন কমিছনৰ নিয়ম মানি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক DA প্ৰদান কৰি আছে চৰকাৰে। ইয়াত শিল্প শ্ৰমিকৰ বাবে ভোক্তা মূল্য সূচক (কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ বা চিপিআই-আইডব্লিউ) ব্যৱহাৰ কৰি মহাৰ্ঘ ভাত্তাৰ হাৰ নিৰ্ধাৰণ কৰে অৰ্থ মন্ত্ৰালয়ে। যোৱা বছৰৰ জুলাইৰ পৰা এই বছৰৰ জুনলৈ চিপিআই-আইডব্লিউৰ গড় আছিল ১৪৩.৬। শতাংশৰ হিচাপত ৫৮ শতাংশ। সেইবাবে DA তিনি শতাংশ বাঢ়িব বুলি ধাৰণা কৰা হৈছে।

অক্টোবৰত তিনি শতাংশ DA ঘোষণা হ’লে বেতন কিমান বাঢ়িব, তাৰ ওপৰত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। এটা উদাহৰণৰ সহায়ত বিষয়টো বুজিব পাৰি। যদি কোনো কৰ্মচাৰীৰ মূল বেতন ৫০ হাজাৰ টকা হয়, তেন্তে মহাৰ্ঘ ভাত্তা হিচাপে তেওঁ ২৯ হাজাৰ টকা পাব। বৰ্তমান ৫৫ শতাংশ DAৰ হিচাপত তেওঁ ২৭ হাজাৰ ৫০০ টকা পাইছে। অৰ্থাৎ, তিনি শতাংশ মহাৰ্ঘ ভাত্তা বৃদ্ধিৰ ফলত তেওঁ অতিৰিক্ত ১,৫০০ টকা লাভ কৰিব।

এই বছৰৰ ৩১ ডিচেম্বৰত সপ্তম বেতন কমিছনৰ ম্যাদ শেষ হ’ব। তাৰ আগতে এইটোৱেই সপ্তম কমিছনৰ অন্তিম DA ঘোষণা বুলি জানিব পৰা গৈছে। যোৱা জানুৱাৰী মাহত মোদী চৰকাৰে অষ্টম বেতন কমিছনৰ ঘোষণা কৰিছিল। যাৰ চেয়াৰমেন আৰু সদস্যৰ তালিকা এতিয়াও চূড়ান্ত হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...