অসম-মেঘালয়ৰ সীমা বিবাদক লৈ যুটীয়া বৈঠক

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি শ্বিলঙত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী Sniawbhalang Dharৰ সৈতে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰে।

অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ কেইটামান অঞ্চলত থকা সীমা সমস্যাৰ বিষয়ে আজিৰ বৈঠকত আলোচনা কৰা হয়।

মন্ত্ৰী পীযূষ হাজৰিকাই অসম আৰু মেঘালয়ৰ মাজত সদায়ে সম্প্ৰীতিৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনাৰ সদিচ্ছাৰ বাবে শীঘ্ৰে সীমা সমস্যাৰ স্থায়ী সমাধান হ’ব বুলি পাছত সাংবাদিকৰ আগত মন্তব্য কৰে।

কেতিয়াবা সীমা অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে বিবাদৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰে যদিও দুষ্কৃতিকাৰীৰ এনে প্ৰচেষ্টাই ৰাজ্য দুখনৰ মাজত থকা শান্তি আৰু সম্প্ৰীতি কেতিয়াও বিনাশ কৰিব নোৱাৰে বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...