মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈছে ‘ৱালকিৰি’

মহাকাশলৈ মানৱাকৃতিৰ ৰবট প্ৰেৰণৰ প্ৰস্তুতি চলাইছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। মহাকাশ কেন্দ্ৰত বিপদজনক কামত নিয়োগ কৰা হ’ব এই ৰবট। মহাকাশত বিভিন্ন কাম-কাজত মহাকাশচাৰীক সহায় কৰিব এই মানৱাকৃতিৰ ৰবটে। বিভিন্ন অত্যাধুনিক ছফটৱেৰৰ জৰিয়তে আন মহাকাশচাৰীৰ দৰেই কাৰ্যক্ষম কৰি তোলা হ’ব এই ৰবটক। আমেৰিকাৰ ‘এপট্ৰ’নিক’ নামৰ ৰবটিক কোম্পানীটোৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক ৰবট। ২০২৫ৰ প্ৰথম ভাগতে সম্পূৰ্ণ হৈ উঠিব এই মানৱাকৃতিৰ ৰবট। দিনটোৰ ২২ ঘণ্টাই কাৰ্যক্ষম হৈ থাকিব এই ৰবট। চন্দ্ৰ আৰু মঙল অভিযানতো এই অত্যাধুনিক ৰবট ব্যৱহাৰ কৰিব নাছাই।

মহাকাশ ভ্ৰমণৰ বাবে সাজু হৈছে ‘ৱালকিৰি’
মহাকাশৰ বিপজ্জনক কামত নিয়োগ কৰা হ’ব ‘ৱালকিৰি’ক
৬ ফুট ২ ইঞ্চি উচ্চতাৰ ‘ৱালকিৰি’ৰ ওজন ১৩৬ কিলোগ্ৰাম
‘ৱালকিৰি’ হৈছে ‘নাছা’ৰ অত্যাধুনিক মানৱাকৃতিৰ ৰবট
মানুহৰ দৰেই ‘ৱালকিৰি’ৰ আছে শৰীৰ, মূৰ, দুখন ভৰি, দুখন হাত
মহাকাশত কি কামত নিয়োগ কৰা হ’ব ‘ৱালকিৰি’ক?
মহাকাশ কেন্দ্ৰৰ যিকোনো বিপদজ্জনক কাম কৰিব এই ৰবটে
সৌৰ পেনেল পৰিস্কাৰ, যন্ত্ৰপাতি মেৰামতি কৰিব ‘ৱালকিৰি’য়ে
মহাকাশচাৰীক সকলো ধৰণে সহায় কৰিব ‘ৱালকিৰি’য়ে
‘ৱালকিৰি’ক ব্যৱহাৰ কৰা হ’ব চন্দ্ৰ, মঙল অভিযানতো
ৰবটৰ মহাকাশযাত্ৰা আৰম্ভ হৈছিল ২০১১ চনত
ISSলৈ নাছাই প্ৰেৰণ কৰিছিল ‘ৰৱ’নট-২’ক
মহাকাশচাৰীৰ হ’কে বিভিন্ন কাম সমাধা কৰিছিল ‘ৰৱ’নট-২’য়ে
২০১৮ত পৃথিৱীলৈ ঘূৰাই অনা হৈছিল ‘ৰৱ’নট-২’ক

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...