IPLৰ নিলামৰ দিনাখনৰ পৰাই এইগৰাকী সুন্দৰীয়ে সকলোৰে দৃষ্টি কাঢ়ি নিছে…

চলিত IPLত এগৰাকী সুন্দৰীক লৈ বিশ্বজুৰি চৰ্চা। খেলৰ মাজভাগত বিশাল পৰ্দাত তেওঁৰ চেহেৰা দৃশ্যমান হ’লেই বাঢ়ে ক্ৰিকেট অনুৰাগীৰ হৃদস্পন্দন। নিলামৰ দিনাখনৰ পৰাই ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী সুন্দৰীয়ে সকলোৰে দৃষ্টি কাঢ়ি নিছে। ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা এই যুৱতীগৰাকীনো কোন?

এই সুন্দৰী যুৱতীগৰাকীৰ নাম হৈছে কাব্যা মাৰান। মাত্ৰ ৩১ বছৰীয়া কাব্যা দেশৰ ধনাঢ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম। তেওঁ ছান টিভি নেটৱৰ্কৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠাপক কলানিধি মাৰানৰ কন্যা। এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও আইপিএলৰ নিলামত কাব্যাক দেখা পোৱা গৈছিল। কিন্তু এইবাৰ ছানৰাইজাৰ্ছ হাইদৰাবাদৰ প্ৰতিখন মেচত তেওঁৰ উপস্থিতিয়ে ক্ৰিকেটৰ প্ৰতি থকা তেওঁৰ দুৰ্বলতা পূৰ্ণৰূপত প্ৰতিফলিত হৈছে।

চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ পৰা B.COM ডিগ্ৰী আৰু ব্ৰিটেইনৰ ৱাৰউইক বিজনেছ স্কুলৰ পৰা MBA ডিগ্ৰী লাভ কৰা কাব্যা মাৰানে পিতৃৰ পদাংক অনুসৰণ কৰি ব্যৱসায়িক ক্ষেত্ৰখনত নিজৰ এক সুকীয়া চিনাকি দাঙি ধৰিবলৈ সক্ষম হৈছে।

১৯৯২ চনৰ ৬ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা কাব্যাই কেৱল পৰিয়ালৰ ধন-সম্পত্তিৰ উত্তৰাধিকাৰীয়েই নহয়, তামিলনাডুত গভীৰভাৱে শিপাই থকা ৰাজনৈতিক উত্তৰাধিকাৰো লাভ কৰিছে। তেওঁৰ মাতৃ কাবেৰী মাৰানে ছ’লাৰ টিভি কমিউনিটি লিমিটেডৰ CEO হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তদুপৰি তেওঁৰ পাৰিবাৰিক সম্পৰ্ক ৰাজনীতিতো বিস্তৃত হৈ আছে, তেওঁৰ ককাক দয়ানিধি মৰাণে DMK পাৰ্টিত বিশেষ পদবীত অধিষ্ঠিত লগতে তেওঁৰ পিতৃ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুথুভেল কৰুণানিধিৰ বংশৰ। জন ভাৰত টাইমছৰ বাতৰি অনুসৰি কাব্যা মাৰানৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০৯ কোটি টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...