প্ৰেৰণাদায়ক! হাত-ভৰি নোহোৱাকৈ জগত জিনিছে ফ্ৰান্সেস্কা চেজাৰিনিয়ে

শাৰিৰীক বাধাগ্ৰস্ততা উন্নতিৰ অন্তৰায় নহয়। জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হ’লে একাগ্রতাৰ অতি প্ৰয়োজন। বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি চিনাকী কৰি দিব খুজিছো আকাশ চুব খোজা এগৰাকী ১৫ বছৰীয়া কিশোৰীক।

প্ৰবল ইচ্ছাশক্তি থাকিলে মানুহে কৰিব নোৱাৰে কি?

হাত নোহোৱাকৈ কেৱল মাত্ৰ এটা ভৰিৰে জগত জিনিছে ১৫ বছৰীয়া ফ্ৰান্সেস্কা চেজাৰিনিয়ে

ছ’চিয়েল মিডিয়াত প’ল ডান্সৰ ভিডিঅ’ দেখি নিজকে সেই দিশত আগুৱাই নিবলৈ হেঁপাহ পুহি ৰাখিছিল ফ্ৰান্সেস্কা চেজাৰিনিয়ে। আৰু সেই সপোন বাস্তৱ কৰি তিনি বছৰৰ পিছত অৰ্থাৎ চলিত বৰ্ষত তেওঁ International Pole Sports Federationৰ virtual world pole and aerial championshipত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।

উল্লেখ্য যে, ক’ভিড-19 মহামাৰীৰ বাবে, সমগ্ৰ বিশ্বৰ প’ল ডান্সাৰসকলে তেওঁলোকৰ নৃত্যৰ ভিডিঅ’ সমূহ অনলাইনযোগে দাখিল কৰিছিল আৰু সেই মাধ্যমতে বিচাৰ কৰা হৈছিল। ফ্ৰান্সেস্কা চেজাৰিনি বিকলাঙ্গতা শ্ৰেণীত প্ৰতিযোগিতা কৰা একমাত্ৰ খেলুৱৈ আছিল আৰু সোণৰ পদক লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...