প্ৰেৰণাদায়ক! হাত-ভৰি নোহোৱাকৈ জগত জিনিছে ফ্ৰান্সেস্কা চেজাৰিনিয়ে

শাৰিৰীক বাধাগ্ৰস্ততা উন্নতিৰ অন্তৰায় নহয়। জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হ’লে একাগ্রতাৰ অতি প্ৰয়োজন। বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি চিনাকী কৰি দিব খুজিছো আকাশ চুব খোজা এগৰাকী ১৫ বছৰীয়া কিশোৰীক।

প্ৰবল ইচ্ছাশক্তি থাকিলে মানুহে কৰিব নোৱাৰে কি?

হাত নোহোৱাকৈ কেৱল মাত্ৰ এটা ভৰিৰে জগত জিনিছে ১৫ বছৰীয়া ফ্ৰান্সেস্কা চেজাৰিনিয়ে

ছ’চিয়েল মিডিয়াত প’ল ডান্সৰ ভিডিঅ’ দেখি নিজকে সেই দিশত আগুৱাই নিবলৈ হেঁপাহ পুহি ৰাখিছিল ফ্ৰান্সেস্কা চেজাৰিনিয়ে। আৰু সেই সপোন বাস্তৱ কৰি তিনি বছৰৰ পিছত অৰ্থাৎ চলিত বৰ্ষত তেওঁ International Pole Sports Federationৰ virtual world pole and aerial championshipত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।

উল্লেখ্য যে, ক’ভিড-19 মহামাৰীৰ বাবে, সমগ্ৰ বিশ্বৰ প’ল ডান্সাৰসকলে তেওঁলোকৰ নৃত্যৰ ভিডিঅ’ সমূহ অনলাইনযোগে দাখিল কৰিছিল আৰু সেই মাধ্যমতে বিচাৰ কৰা হৈছিল। ফ্ৰান্সেস্কা চেজাৰিনি বিকলাঙ্গতা শ্ৰেণীত প্ৰতিযোগিতা কৰা একমাত্ৰ খেলুৱৈ আছিল আৰু সোণৰ পদক লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...