গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ হিচাপে মনোনীত ময়ূৰ বৰা

মননশীল লেখক, সুবক্তা ময়ূৰ বৰাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভিজিটিং প্ৰফেচাৰ হিচাপে মনোনীত কৰিছে৷ অসমীয়া আৰু ইংৰাজী মিলি ১৮খন ভাৱোদ্দীপক গ্ৰন্থৰ প্ৰণেতা ময়ূৰ বৰাই প্ৰায়বোৰ গ্ৰন্থৰ জৰিয়তে দীৰ্ঘদিন ধৰি অসমীয়া সমাজৰ বহুবোৰ প্ৰথাগত চিন্তা আৰু ৰক্ষণশীল মনোভাৱক যুক্তিৰে বিৰোধিতা কৰি সচেতন ৰাইজৰ মাজত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। অসমীয়া-ইংৰাজী দুয়োটা ভাষাতে ভাষণ দিয়াৰ উপৰিও সুন্দৰ ৰসবোধেৰে সকলোকে আকৰ্ষিত কৰি আহিছে। ২০২১ চনত আমেৰিকাৰ নৰ্থ কেৰলিনা ষ্টেট ইউনাভাৰ্চিটীৰ ছাত্ৰ সমাজৰ আগত অসম আৰু অসমীয়াৰ গৰিমা সম্পৰ্কে ভাষণ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বৰাই ২০২৪ চনৰ জুন-জুলাই মাহতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছয়খন চহৰত আঠটা বক্তৃতা প্ৰদান কৰে। নাবাৰ্ডৰ দৰে এটা কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষস্থানীয় বেংকৰ জ্যেষ্ঠ বিষয়া হিচাপে ২৫ বছৰতকৈও অধিক কাল ভাৰতৰ বিভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰি ২০২১ চনত স্বেচ্ছাই অৱসৰ লোৱা ময়ূৰ বৰাৰ বিপুল অভিজ্ঞতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকসমাজ আৰু ছাত্ৰসমাজ উভয়কে সমৃদ্ধ কৰিব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...