জু-ৰোডৰ পৰা ৰাজগড় পথলৈ ভৰলুৰ দুয়োপাৰে ব্যাপক উচ্ছেদ অভিযানৰ নিৰ্দেশ

বানমুক্ত গুৱাহাটী, পানী যোগান আঁচনি, অবৈধ বেদখল উচ্ছেদ আদি বিভিন্ন বিষয়ত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত পৌৰ প্ৰশাসন সঞ্চালকালয়, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী জল ব’ৰ্ড, মিশ্যন বানমুক্ত গুৱাহাটী, মিশ্যন অম্ৰুট আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ তেওঁলোকৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে মিশ্যন বানমুক্ত গুৱাহাটীৰ অধীনত বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্বৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰী সিংহলে আজি পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে আৰু কাম-কাজৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ কাৰ্যকৰীভাৱে সমাধানৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

উল্লেখযোগ্য যে মিশ্যন বানমুক্ত গুৱাহাটীৰ অধীনত মহানগৰীৰ বিভিন্ন নদী তথা নলা-নৰ্দমা পৰিষ্কৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ), জলসম্পদ বিভাগ, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম আদিক সুকীয়া সুকীয়াকৈ বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছে৷ সেই অনুসৰি নৰ্দমা পৰিষ্কৰণ, নলা নিৰ্মাণ আদি বিভিন্ন বিষয়ত জি এম ডি এক ১০ টা আৰু জলসম্পদ বিভাগৰ গুৱাহাটী মেকানিকেল ডিভিজনক ৩ টা কামৰ দায়িত্ব দিয়া হৈছে৷ আনহাতে লোক নিৰ্মাণ বিভাগৰ পূব গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলক ৪৫ টা, দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলক ৫৩ টা, পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলক ২৮ টা আৰু জালুকবাৰী তথা হাজো ক্ষেত্ৰীয় পথ সংমণ্ডলক মহানগৰীৰ ২০ টা সুকীয়া সুকীয়া স্থানৰ নৰ্দমা পৰিষ্কাৰ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে৷ তদুপৰি বাহিনী নদীৰ বুকুৰ আৱৰ্জনা পৰিষ্কৰণৰ স্বাৰ্থত নৈখনৰ পাৰৰ ৩৯ টা বিভিন্ন স্থান বেদখলমুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক দায়িত্ব দিয়া হৈছে৷

আজিৰ বৈঠকৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে মন্ত্ৰী সিংহলে মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথ (জু-ৰোড)ৰ পৰা ৰাজগড় পথলৈকে ভৰলু নদীৰ দুয়োপাৰে হোৱা সকলো অবৈধ বেদখলকৃত অঞ্চলত ব্যাপক উচ্চেদ অভিযান তৎকালে আৰম্ভ কৰিবলৈ স্থানীয় চক্ৰ বিষয়া তথা গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়ে৷ তেওঁ লগতে এনে বেদখল উচ্চেদ কৰি নৈখনৰ পাৰে পাৰে জু-ৰোড-ৰাজগড় সংযোগী এক পথ যান-বাহন চলাচল কৰিব পৰাকৈ মুকলি কৰাৰ ব্যৱস্থা কৰিবলৈও সংশ্লিষ্ট বিষয়ববীয়াসকলক আহ্বান জনায়৷

আনহাতে মিশ্যন অম্ৰুটৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা আজিৰ আন এখন বৈঠকত অম্ৰুুট অভিযানৰ জৰিয়তে নগাঁও চহৰত খোৱাপানী যোগান প্ৰকল্প অতি শীঘ্ৰে মুকলি কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

মন্ত্ৰীগৰাকীয়ে আজি পৌৰ প্ৰশাসন সঞ্চালকালয়, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা, গুৱাহাটী জল ব’ৰ্ড, অসম নগৰীয়া পানী যোগান তথা পয় প্ৰণালী পৰিষদ, প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল) আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ তেওঁলোকৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজসমূহৰো পৰ্যালোচনা কৰে৷

আজিৰ এই বৈঠকসমূহত মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আদি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...