স্বাস্থ্য বিভাগত ৮,৮৫৫টা, গৃহ-শিক্ষাত সৰ্বমুঠ ৪৪ হাজাৰ পদত বৃহৎ নিযুক্তি

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে ৫২,৫০০টা পদত অনুমোদন জনাইছে। এতিয়ালৈকে স্বাস্থ্য বিভাগত ৮,৮৫৫টা পদ, শিক্ষা বিভাগত ২২,০০০টা আৰু গৃহ বিভাগত ২২,০০০টা পদত অনুমোদন জনাইছে ৰাজ্য চৰকাৰে। এই নিযুক্তি প্ৰক্ৰিয়া ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে পৰিবহন আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷ ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...