৩১ মাৰ্চ সমাগত! কৰফাঁকি দি সাৰি যাব নোৱাৰে কোনো বাহন

সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত শীঘ্ৰে যান-বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লওক

চলিত বিত্তীয় বৰ্ষ শেষ হ’বলৈ সন্মুখত মাথোঁন ৫টা দিন ! এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে আপুনি বাৰু বাহনৰ নথি-পত্ৰসমূহ অৰ্থাৎ কৰ আদায়, বীমা, ফিটনেছ, পাৰ্মিট, প্ৰদূষণমুক্ত আদিৰ সঠিক নথিপত্ৰ সংগ্ৰহ কৰিলেনে ? যদিহে নাই কৰা তেন্তে আজিয়েই কৰক ৷ আজিয়েই যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিয়ক আৰু বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লওক ৷ বাহনৰ কৰ আদায়ৰ পিছতো যদি নথিপত্ৰ সঠিক কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখিন হয় তেন্তে জানি থওক যে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দল আপোনাৰ ঘৰত উপস্থিত হৈ আপোনাৰ সকলো সমস্যা থাউকতে সমাধান কৰিব ৷ মুঠতে ৩১মাৰ্চৰ আগতে যানবাহনৰ কৰমুক্ত হওক। নহ’লে বিত্তীয় বৰ্ষৰ অন্ত পৰিলেই পথত উঠা মাত্ৰকে জব্দ হ’ব পাৰে আপোনাৰ কৰ অনাদায়ী মৰমৰ বাহন। ভৰিবলগা হ’ব পাৰে জৰিমণা। আপোনাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত ব্যক্তিগত আৰু ব্যৱসায়িক সকলো বাহনৰ গৰাকীৰ ঘৰ-কাৰ্যালয়ত উপস্থিত হৈ বিশেষ জনসেৱা কাৰ্যসূচী অব্যাহত ৰখা হৈছে। সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত আগন্তুক ৩১মাৰ্চলৈকে এই কাৰ্যসূচী অব্যাহত থাকিব ৷ সেয়ে আপুনি নিজে সুৰক্ষিত হৈ থকাৰ লগতে ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ স্বাৰ্থত আজিয়ে যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লওক। কিয়নো সময়মতে যানবাহন কৰ আদায় দি নথিপত্ৰসমূহ সঠিক কৰি নৰখা বাহন কেতিয়াও পথত চলাচলৰ যোগ্য নহয়, বৰঞ্চ এনে বাহন অবৈধ বাহন হিচাপে চিহ্নিত হয়। সেয়ে পৰিবহণৰ উচ্চপদস্থ বিষয়াজনে এই সন্দৰ্ভত কয় যে, যানবাহন চলোৱাতো এতিয়া আৰু কেবল মাত্ৰ ব্যক্তিগত চখ, ব্যৱসায় বাণিজ্য পৰিচালনা অথবা আভিজাত্য প্ৰদৰ্শন মাথোঁ হৈ থকা নাই । নিজৰ লগতে দহ আৰু দেশৰ বাবে প্ৰতিগৰাকী দায়িত্বশীল নাগৰিকৰ এয়া এক সামাজিক দায়বদ্ধতা। সেয়ে সজাগ হওক, সতৰ্ক হওক। ৩১ মাৰ্চৰ আগতে আপোনাৰ বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰি ৰাজ্যৰ ৰাজপথত আশঙ্কামুক্ত আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাত একান্ত দায়বদ্ধতাৰে সেৱা আগবঢ়াওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...